Breaking News

আজিৰে পৰা ৰাজ্যত বলৱৎ হ’ব নতুন ক’ভিড নীতি-নিৰ্দেশনা

ৰাজ্যত আজিৰে পৰা বলৱৎ হ’ব নতুন ক’ভিড নীতি-নিৰ্দেশনা। আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে এই নতুন নিৰ্দেশনাত। প্ৰকাশ পাইছে নতুন এছঅ’পি ৰাজ্যত। খন্তেক সময়ৰ পূৰ্বে সংবাদমেল যোগে জনাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

১। ৰাজ্যত খোল-খালে আন্তঃজিলা যাতায়াত। ১০০ শতাংশ যাত্ৰীৰে কৰিব পাৰিব যাত্ৰা। অতিৰিক্ত যাত্ৰী কঢ়িয়াব নোৱাৰিব বাহনসমূহে। 

২। যাত্ৰীসকলে এপালি হ’লেও কভিড ভেকচিন লোৱাটো বাধ্যতামূলক। বাছ যাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

৩। নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন। অৰ্থাৎ নিশা ৮ বজালৈ দোকান-পোহাৰ খোলাৰ নিৰ্দেশনা।

৪। আজি দিনৰ ১১ বজাৰ পৰাই কাৰ্যকৰী হৈছে এই নীতি-নিৰ্দেশনা

৫। চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পাঠদান আৰম্ভ হ’ব। তিনিদিনৰ ভিতৰত সকলো প্ৰস্তুত কৰি সোমাবাৰৰ পৰা খোল খাব শিক্ষানুষ্ঠানসমূহ।

৬। হোষ্টেলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা। সকলো হোষ্টেল আৱাসীয়ে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

৭। এটা শ্ৰেণীত ৩০ জনতকৈ অধিক শিক্ষাৰ্থীক একেসময়তে পাঠদান কৰিব নোৱাৰিব। 

৮। ৰাজ্যৰ বিখ্যাত ধৰ্মানুষ্ঠানসমূহত প্ৰতিঘণ্টাত ৪০ গৰাকী লোকৰ অনুমতি প্ৰদান কৰা হৈছে। আন ধৰ্মীয়স্থানসমূহত প্ৰতি ঘণ্টাত ২০ গৰাকী লোকৰ অনুমতি দিয়া হৈছে। ভক্তসকলে এপালি হ’লেও ভেকচিন লোৱাটো বাধ্যতামুলক।

৯। সাপ্তাহিক বজাৰ ৬ ঘণ্টীয়া ছিফটৰ ব্যৱধানেৰে মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে।

১০। আনহাতে ভেকচিন লোৱা, নোলোৱা নিৰূপণ কৰিবলৈ তিনিখন জিলা ক্ৰমে গোলাঘাট, মৰিগাঁও আৰু কামৰূপ(ম)ত ঘৰে ঘৰে প্ৰেৰণ কৰা হ’ব আশা কৰ্মীক। 

১১। বিমান বন্দৰত দুয়োপালি ভেকচিন লোৱা যাত্ৰীক কভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে। দুয়োটা ভেকচিন নোলোৱা সকলৰ আৰটিপিচিআৰ কভিড টেষ্ট বাধ্যতামূলক। 

No comments