Breaking News

জন্ম দিৱসত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাক সোঁৱৰি



পাপৰি শইকীয়া বৰাঃ অসমীয়া আধুনিক কাব্য সাহিত্যৰ ইতিহাসত এটা যুগমীয়া  নাম পাৰ্বতিপ্ৰসাদ বৰুৱা।১৯০৪ চনৰ ১৯ আগষ্টত এইজনা গীতিকবিয়ে জন্মলাভ কৰিছিল ।একেধাৰে গীতিকাৰ,সুৰকাৰ,সুগায়ক  নৃত্যশিল্পী,সুঅভিনেতা পাৰ্বতিপ্ৰসাদ বৰুৱা অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী আছিল ।

      অৱশ্যে গীতিকাৰ পাৰ্বতিপ্ৰসাদৰ ছবি জনমানসত অধিক প্ৰোজ্জল।অসমীয়া গীতিসাহিত্যত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত যেন এক নিৰৱ চেতনাৰ স্ৰোতস্বিনী।প্ৰাৰ্থনাৰ কোমলতা আৰু আত্মনিবেদনৰ কৰুণ মধুৰতাৰে উপচা এই গীত সমূহ একক বৈশিষ্টৰে অনবদ্য। তেখেতৰ চিত্ৰময় গীতি কবিতাৰ মাজেৰে বাঙ্ময় হৈ উঠিছে অসমৰ নিভাজ প্ৰকৃতি ।সেইদৰে অসমীয়া লোকসংগীতৰ মধুৰ সুৰৰ সংযোজন ঘটাইছে গীতসমূহত।কোমল শব্দছয়ন আৰু আত্মিক বিষাদেৰে ভৰা এই গীতসমূহত বিশ্বকবি ৰবীন্দ্ৰ নাথৰ  গীতৰ প্ৰভাৱো অনুভূত হয় ।সুধাকন্ঠ ড° ভূপেন হাজৰিকাই মায়াবী কন্ঠৰে পাৰ্বতী  প্ৰসাদ বৰুৱাৰ অধিক সংখ্যক গীতত কন্ঠ নিগৰাই যেন সোণত সুৱগা চৰাইছে। গীতিবিজনৰ ৰচিত পুথিসমূহ হৈছে -'খেল ভঙা খেল ','গুণগুণনি ','লুইতী',   'শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল',  'মৌ টোকাৰী ','লখিমী' আদি ।ইয়াৰ উপৰিও বহু অনন্য গদ্যৰচনাৰে অসমীয়া সাহিত্যলৈ  অৱদান আগবঢ়াই গৈছে । অসমীয়া ভাষাক নতুন শব্দছয়নেৰে সমৃদ্ধ কৰা পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জীৱন আৰু কৰ্মৰ মাজেৰে যি নান্দনিক মূল্যবোধে প্ৰকাশ লাভ কৰিছে;সেই মূল্যবোধেৰে সমৃদ্ধ হৈছে জাতীয় জীৱন আৰু সাহিত্য ।  সময়ৰ সোঁতত এই নিভাজ ৰচনাসমূহ হেৰাই নাযাওক   এয়া আমাৰ আন্তৰিক কামনা।জন্ম দিৱসত পৰম শ্ৰদ্ধাৰে গীতিকবিজনক সোঁৱৰিছো ।

No comments