Breaking News

তালিবানৰ জন্ম ক'ত কিয় আৰু কেনেকৈ হৈছিল ?



সুদীৰ্ঘ ২১ বছৰৰ পাছত পুনৰ আফগানিস্তান জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ লগতে নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে। ইয়াৰ লগে লগে দেশখনত ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। উল্লেখ্য যে, আমেৰিকাই দুটা দশক অৰ্থাৎ  সম্পূৰ্ণ ২০ বছৰ  নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই সময়ছোৱাত আমেৰিকাই আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ  ব্যয় কৰিছিল কমেও ৬১ লাখ কোটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত দুটা দশকৰ প্ৰতিচ্ছবি ৷ ৭০ হাজাৰ তালিবানী সৈন্যই  ৩ লাখ উচ্চ শিক্ষিত আফগান সৈনিকক পৰাজিত কৰি ক্ষমতা দখল কৰিলে ৷ আচৰ্যজনক কথাটো হৈছে যে   তালিবানক জন্ম দিছিল খোদ আমেৰিকাই ৷ এই কাহিনী আৰম্ভ কৰিব লাগিব ১০১ বছৰ আগৰ পৰা। 

ব্রিটিছৰ অধীনৰ পৰা ১৯১৯ চনত আফগানিস্তান  স্বাধীন হ’ল। ইয়াৰ পাছৰ পৰাই ৰাজতন্ত্ৰ আৰম্ভ হ’ল আফগানিস্তানত। ১৯৭৩ চনত  আফগানিস্তানৰ অন্তিমজন ৰজা মহম্মদ জহীৰ শ্বাহ অসুস্থ হৈ পৰিল ৷ মহম্মদ জহীৰ শ্বাহ উন্নত চিকিৎসাৰ বাবে ইটালীলৈ যাবলগীয়া হ’ল।পাছত সেনাপতি ডাউদ খানে ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ আনিলে আৰু নিজকে আফগানিস্তানৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰিলে।আফগানিস্তানবাসীক ডাউদ খানে  দেশখনত নতুন সংবিধান প্ৰণয়ন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। সংবিধানৰ নামত ডাউদ খানে ১৯৭৭ চনত দেশখনত একদলীয় শাসন ব্যৱস্থা প্ৰণয়ন কৰিলে ৷সাধাৰণ জনতাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ‘ক্ৰান্তি’ নামেৰে এটা আন্দোলন আৰম্ভ কৰিলে ৷ এই আন্দোলনৰ নেতৃত্ব ল’লে নুৰ মহম্মদ তাৰিকীয়ে৷ অৱশেষত ১৯৭৮ চনত  প্ৰধানমন্ত্ৰীৰ চকী এৰিব লগা হ’ল ডাউদ খানে৷

এইবাৰ  নুৰ মহম্মদ তাৰিকীৰ হাতলৈ আহিল আফগানিস্তানৰ ক্ষমতা৷ তাৰিকীয়ে দেশখনৰ প্ৰথম ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’লে ৷ এইজন নুৰ মহম্মদ তাৰিকীক ছোভিয়েট ইউনিয়নৰ অতি ঘণিষ্ঠ বুলি জনা গৈছিল ৷তেতিয়া ছোভিয়েট ইউনিয়ন পৰিচালিত হৈছিল কমিউনিষ্ট আদৰ্শেৰে। সেইমতেই নুৰ মহম্মদ তাৰিকীয়ে আফগানিস্তানৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰাৰ লগতে মহিলাসকলক স্বাধীনতা দিলে। কিন্তু এই কথাটো ভাল পোৱা নাছিল বহু নাগৰিকে ৷ তেওঁলোকে এয়া ধৰ্ম বিৰুদ্ধ কথা হিচাপে লৈ মহম্মদ তাৰিকীৰ সিদ্ধান্তৰ বিৰোধিতা  কৰিলে ৷

আনহাতে ,সেই সময়ছোৱাতে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত শীতল যুদ্ধ চলি আছিল। আফগানিস্তানত ছোভিয়েট ইউনিয়নৰ বৰ্ধিত প্ৰভাৱ হ্ৰাস কৰিবলৈ আমেৰিকাই এক নতুন কৌশল অৱলম্বন কৰিলে৷ নুৰ মহম্মদ তাৰিকীৰ বিৰোধিতা কৰা লোকসকলক আমেৰিকাই উচটনি দিবলৈ আৰম্ভ কৰিলে ৷চি আই এৰ সহায়ত নুৰ মহম্মদ তাৰিকীৰ বিদেশমন্ত্ৰী হাফিজুদ্দিন আমিনকো আমেৰিকাই নিজৰ পক্ষলৈ আনিলে ৷এইবাৰ আমিনৰ জড়িয়তে নুৰ মহম্মদ তাৰিকীক মুছলমান বিদ্বেষী সজোৱাৰ গোপন প্ৰক্ৰিয়া আৰম্ভ হ’ল ৷লগতে আফগান নাগৰিকক মুজাহিদীনৰ প্ৰশিক্ষণ দিবলৈও আৰম্ভ কৰিলে ৷মুজাহিদীনক পাকিস্তানত প্ৰশিক্ষণ দিয়াৰ লগতে আমেৰিকাই অস্ত্ৰ আৰু অৰ্থৰে সহায় কৰি গ’ল ৷ ইফালে,এই সময়ছোৱাতে ধৰ্মৰ দোহাই দি তাৰিকী চৰকাৰৰ পতন ঘটাবলৈ চৌদি আৰৱকো  নিজৰ লগত ল’লে আমেৰিকাই৷ চৌদি আৰৱৰ বহুত মানুহ ছোভিয়েট ইউনিয়ন আৰু নুৰ মহম্মদ তাৰিকীৰ বিৰুদ্ধে যুঁজিবলৈ আফগানিস্তানত প্ৰৱেশ কৰিলে ৷ তাৰ মাজৰে এজন আছিল ওচামা বিন লাডেন ৷

ইফালে , আফগানিস্তানত আমেৰিকাই ছাত্ৰ- ছাত্ৰীসকলক তাৰিকীৰ বিৰুদ্ধে উচটনি দিবলৈ আৰম্ভ কৰিলে ৷ছাত্ৰ –ছাত্ৰীসকল আন্দোলনত নামি পৰিল ৷ এনে এক পৰিস্থিতি আহি পৰিল যে নুৰ মহম্মদ তাৰিকী পৰামৰ্শ বিচাৰি পৰিয়ালৰ সৈতে ছোভিয়েট ইউনিয়নলৈ গ’ল ৷ছোভিয়েট ইউনিয়নে তাৰিকীক কিছুদিনৰ বাবে আধুনিকীকৰণৰ কাম বন্ধ ৰাখিবলৈ পৰামৰ্শ দিলে। পৰিয়ালসহ নুৰ মহম্মদ তাৰিকী আফগানিস্তানলৈ  উভতি অহাৰ পাছতে আমিনে তেওঁলোকক হত্যা কৰি ক্ষমতা দখল কৰিলে ৷এই ঘটনাত ছোভিয়েট ইউনিয়ন খঙাল হৈ পৰিল ৷ 

১৯৮৯ ৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়নে আফগানিস্তান আক্ৰমণ কৰিলে আৰু কাবুলত প্ৰৱেশ কৰি হাফিজুদ্দিন আমিনক হত্যা কৰিলে ৷আফগানিস্তানত ৰুছ আক্ৰমণৰ পাছত আমেৰিকাৰ হাতলৈও সুযোগ আহিল ৷আমেৰিকাই পুনৰ মুজাহিদীনক ৰুছ সেনাৰ বিৰুদ্ধে  উচটাবলৈ ল’লে ৷এই কামৰ বাবে আমেৰিকাই মুজাহিদীনক সীমাহীন ধন আৰু অস্ত্ৰ- শস্ত্ৰ যোগান ধৰিলে ৷ইফালে, ৰুছ সেনাই আফগানিস্তান আক্ৰমণ কৰিছিল যদিও দেশখনৰ জটিল ভূগোলৰ বাবে চিন্তিতও হৈ পৰিছিল ৷ দীঘলীয়া যুদ্ধৰ পাছত  এসময়ত ৰুছ সেনা নিজ দেশলৈ উভটি গ’ল। ৰুছ সেনা উভতি যোৱাৰ লগে লগে মুজাহিদীনৰ নিজৰ মাজতে কন্দল আৰম্ভ হ’ল ৷ নিজৰ নিজৰ অঞ্চলত সকলোৱে পৃথক পৃথক গোট বনাই লোৱাৰ ফলত একপ্ৰকাৰ গৃহযুদ্ধৰ সূচনা হ’ল ৷ এই যুদ্ধত পৰাজিত হোৱা সৰু সৰু গোটবোৰ নোহোৱা হৈ গ’ল ৷ বিজয়ী হ’ল ছাত্ৰৰ গোটটো ৷ ছাত্ৰক আৰৱীত কোৱা হয় তালিব বুলি ৷ তালিবৰ ভিতৰত আটাইতকৈ চৰ্চালৈ অহা নামটো আছিল ওমৰ৷ 

 ৰুছ সেনা উভতি যোৱাৰ পাছত তেওঁ নিয়মীয়াকৈ মছজিদলৈ গৈ নামাজ পঢ়িবলৈ লৈছিল ৷ মানুহে তেওঁক চিনি পোৱা হ’ল মোল্লা ওমৰ হিচাপে। এইজন মোল্লা ওমৰেই জন্ম দিলে তালিবানৰ ৷ যিয়ে ১৯৯৮ চনত আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ কাঢ়ি আনিছিল ৷এইজন মোল্লা ওমৰেই আছিল ওছামা বিন লাডেনৰ আতাইতকৈ ঘণিষ্ঠ বন্ধু ৷এইজন মোল্লা ওমৰৰ নামতেই আমেৰিকাই এক কোটি টকাৰ পুৰষ্কাৰ ঘোষনা কৰিছিল ৷ তালিবানৰ জনক মোল্লা ওমৰৰ ২০১৩ চনত মৃত্যু হ’ল যদিও তালিবান জীয়াই থাকিল ৷ আজি তালিবান পুনৰবাৰ আফগানিস্তানৰ শাসনত ৷

এয়াই হৈছে তালিবানৰ জন্মৰ কাহিনী ৷ আমেৰিকাই নিজৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে ৰুছ সেনাৰ বিৰুদ্ধে যুঁজিবলৈ জন্ম দিছিল তালিবানৰ ৷ ধনে জনে তালিবানক সহায় কৰিছিল ৷পাছত সেই তালিবানক ধ্বংস কৰিবৰ বাবে খৰচ কৰিবলগীয়া ৬১ লাখ কোটি টকা ৷ তাৰ পাছতো আমেৰিকা ব্যৰ্থ হ’ল ৷ এতিয়া তালিবানৰ হাততে  ক্ষমতা এৰি আমেৰিকা ঘৰমুৱা হ’ল ৷

No comments