Breaking News

দেৰগাঁৱৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত দেৰগাঁও আছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন



কুমুদ বৰা,দেৰগাঁওঃ দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত দেৰগাঁও নগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কোষাগাৰ প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা ১১ বজাৰ পৰা দেৰগাঁও নগৰৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।মূলত দেৰগাঁও ৰাজহ চক্ৰক মহকুমা ঘোষণা কৰা, নিৰ্মিয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম ক্ৰটি মুক্ত ভাৱে খৰটকীয়া কৰা, দেৰগাঁও নগৰৰ উপপথ সমূহ পকীকৰন কৰা, উন্নত মানদণ্ডৰ নলা নৰ্দমা নিৰ্মাণ কৰা, দেৰগাঁও নগৰৰ যান জঁটৰ সমস্যা দূৰ কৰাৰ দাবীৰে ৰূপায়ন কৰা অনশন কাৰ্যসূচীত দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে নৈতিক সমৰ্থন আগবঢ়াই। 

 এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকলৰ উপৰিও দেৰগাঁও নাগৰিক সংস্থা, দেৰগাঁও সাংবাদিক সংস্থা, আপকু, সদৌ বাৰ্লাক মহিলা মঞ্চ আদি দল সংগঠনৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

No comments