Breaking News

প্ৰদেশ কংগ্ৰেছৰ ৭৫ তম্ স্বাধীনতা বৰ্ষৰ উদযাপন কমিটিৰ কাৰ্য্যনিৰ্বাহক সভা

 


ডিজিটেল সংবাদ,গুৱাহাটীঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠন কৰি দিয়া ৭৫ তম্ স্বাধীনতা বৰ্ষৰ উদযাপন কমিটিৰ এখন কাৰ্য্যনিৰ্বাহক সভা প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয় ৰাজীৱ ভৱনত প্ৰাক্তন মন্ত্ৰী তথা উদযাপন কমিটিৰ অধ্যক্ষ শৰৎ বৰকটকীৰ সভাপতিত্বত ১৮ আগষ্ট, ২০২১ তাৰিখে অনুষ্ঠিত হৈ যায়। উক্ত সভাৰ সিদ্ধান্তমৰ্মে অহা ছেপ্তেম্বৰ মাহত মহামানৱ মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ লগত সংগতি ৰাখি গুৱাহাটীৰ গান্ধী মণ্ডপত গান্ধী স্মাৰক বক্তৃতানুষ্ঠান, দেশভক্ত তৰুণৰাম ফুকনৰ শ্ৰদ্ধাঞ্জলি, গুৱাহাটীৰ কস্তুৰবা আশ্ৰমত মহাত্মা গান্ধীৰ পদাৰ্পণ শীৰ্ষক কাৰ্য্যসূচী উদযাপন আৰু পৰৱৰ্তী সময়ত জিলা সমূহত মুক্তি যুঁজাৰুসকলৰ স্মৰণৰ বাবে বিস্তৃত কাৰ্য্যসূচী লোৱা হ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকাৰে জানিবলৈ দিছে।  



উক্ত সভাত উদযাপন কমিটিৰ হৈ উপাধ্যক্ষ বলীন কুলী,  আহবায়ক নৃপেন্দ্ৰ ঠাকুৰীয়া, প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, মাধৱ ৰাজবংশী, আব্দুল হামিদ, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ, টংক বাহাদুৰ ৰায়,  অসম লোকসভা আয়োগৰ প্ৰাক্তন সদস্য চিৰাজুল হুছেইন শইকীয়া (জ্যেষ্ঠ), নিখিল ভাৰত মহিলা কংগ্ৰেছৰ প্ৰাক্তন উপ-সভানেত্ৰী নিভা কোঁৱৰ, জ্যেষ্ঠ কংগ্ৰেছনেতা ক্ৰমে পৱন কুমাৰ শৰ্মা, শৈলেন বৰা, ব্ৰজেন সন্দিকৈ, মহিলা কংগ্ৰেছৰ নাজৰা আজাদ, জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা, যুৱনেতা আৰফান আলি হাজৰিকা, ইয়ং বিগ্ৰেডৰ সভাপতি দীপ বায়ন, ৰঞ্জিত ঠাকুৰীয়া, মুখপাত্ৰ মৃদুল মালাকাৰ উপস্থিত থাকে।

No comments