Breaking News

ঐতিহ্যমণ্ডিত শ্ৰী শ্রী আঠখেলীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা



ডিজিটেল সংবাদ,গোলাঘাটঃ আজি পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিন।আজিৰে পৰা ঐতিহ্যমণ্ডিত শ্রী শ্রী আঠখেলীয়া নামঘৰত মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে নাম মহোৎসৱ। আজি দিনযোৰা কাৰ্যসূচীৰে প্ৰথমে ঐতিহ্যমণ্ডিত শ্রী শ্রী আঠখেলীয়া নামঘৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। নামঘৰত ভগৱানৰ ওচৰত সেৱা লৈ অসমবাসীৰ মংগলৰ বাবে আশীষ বিচাৰে মুখ্যমন্ত্ৰীয়ে।



ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে। লগতে নৱনিৰ্মিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।ঐতিহ্যমণ্ডিত শ্ৰী শ্রী আঠখেলীয়া নামঘৰত আশীষ গ্রহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- “অসমৰ ভকতি ৰসৰ আধাৰ স্বৰূপ ভাদ মাহ ৷ নাম-প্রসংগৰ অমিয়া সুৰেৰে মুখৰ হোৱাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ পৱিত্ৰ তিথিৰে উজ্জীৱিত মাহটিৰ পহিলা দিনটোতে অসমবাসীৰ সুখ-শান্তিৰ বাবে বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰ গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ ভক্তিপূৰ্ণ পৰিৱেশত উপস্থিত হ’বলৈ পাই অভিভূত হোৱাৰ লগতে নিজকে ধন্য মানিছোঁ।”

 মুখ্যমন্ত্ৰীৰ লগতে শ্রী শ্রী আঠখেলীয়া নামঘৰত উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা।



ইফালে,নামঘৰত কিছু সময় কটোৱাৰ পাছত মুখ্যমন্ত্রী গৰাকীয়ে সতীৰ্থ মন্ত্রী অজন্তা নেওগৰ বৰুৱাগাওঁস্হিত বাসগৃহ লৈ যায়। ইয়াতে, মুখ্যমন্ত্রী গৰাকীয়ে কৰ্মশ্ৰী নগেন নেওগ স্মৃতি ভৱনটি পৰিদর্শন কৰাৰ লগতে প্ৰয়াত নগেন নেওগৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। এই পৰিদর্শন কালত বিত্তমন্ত্ৰী অজন্তা নেওগও উপস্থিত থাকে।

No comments