Breaking News

স্বগৃহত উপস্থিত লাভলীনা বৰগোহাঁই , বিশাল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰাৰে বিপুল আদৰণি



ধনশিৰি বাসীৰ চৰণ চুই বিচাৰিলে আশীৰ্বাদ আকৌ পথাৰত নামিম ভূই ৰুম , বোকা পানী মই পাহৰিব নোৱাৰো


মাধুৰ্য কোঁৱৰ, বৰপথাৰঃ অৱশেষত প্ৰিয় খেলুৱৈ গৰাকীক ওচৰৰ পৰা এবাৰ হেঁপাহ পলুৱাই  চোৱাৰ বহু দিনীয়া অপেক্ষাৰ অন্ত পৰিল। আজি বিয়লি প্ৰায় ৫ বজাত বৰপথাৰত ভৰি দিলেহি টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে  দেশৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা  লাভলীনা বৰগোহাঁয়ে । নতুন দিল্লীৰ পৰা বিশেষ বিমানেৰে আহি ডিমাপুৰ বিমান বন্দৰত দিনৰ প্ৰায় ২ বাজি ১০ মিনিটত প্ৰৱেশ কৰে। বিমান বন্দৰৰ পৰা খেলুৱৈ গৰাকীক গোলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক,  স্থানীয় বিধায়ককে ধৰি জিলা তথা মহকুমা প্ৰশাসনৰ বহুকেইজন বিষয় ববীয়া আৰু দল সংগঠনে  আদৰি আনে। বিমান বন্দৰৰ পৰা ধনশিৰি মহকুমাত প্ৰৱেশ কৰাৰ লগে লগে এক বিশাল বাইক ৰেলীৰে গৃহভূমি বৰপথাৰলৈকে  আদৰি অনা হয়। বৰপথাৰ লৈকে সম্পূৰ্ণ পথছোৱা ৰাস্তাৰ কাষত ৰৈ থকা লোকসকলে পুষ্প বৃষ্টি,  গামোচাৰে মৰম দিয়া দেখা গ'ল। ইয়াৰ পিছতেই বৰপথাৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হয় বিয়লি প্ৰায় ৫ বজাত। আটক ধুনীয়াকৈ সজাই পৰাই থোৱা অস্থায়ী মণ্ডপলৈ গায়ন-বায়ন,  ঢোল-পেপা, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ দলে আগবঢ়াই লৈ আনে অসম কন্যা লাভলীনাক। উল্লেখযোগ্য যে পুৱাৰে পৰা আপোন খেলুৱৈ গৰাকীক চাবলৈ বৰপথাৰ নগৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছিল । বিভিন্ন ঠাইৰ পৰা আহি শ শ লোক  উপস্থিত হৈছিলহি। সম্বৰ্ধনা  অনুষ্ঠানত উপস্থিত হৈ ধনশিৰি বাসীৰ মৰমত আবেগিক হৈ উঠিল লাভলীনা বৰগোহাঁই। চকুৰ পানীৰে ধনশিৰি বাসীৰ চৰণ চুই লাভলীনাই বিচাৰিলে আশীৰ্বাদ ।

 নিজৰ ভাষণত কৈ উঠিল "পথাৰখন মই পাহৰিব নোৱাৰো, আকৌ পথাৰ খনত নামিম , ভূই ৰুম" । "আপোনালোকলৈ সোন আনি দিম"। বক্সাৰগৰাকীয়ে উপস্থিত ৰাইজ আৰু সাংবাদিকৰ লগতো মত বিনিময় কৰিলে । লগতে শিশুক ভাল পোৱা লাভলীনাই নিজৰ ব্ৰঞ্জৰ মেডেল চুবলৈ দি তেওঁলোকৰ মৰম আৰু শুভেচ্ছা গ্ৰহণ কৰে



আজিৰ সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ,কৃষি মন্ত্ৰী অতুল বৰা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত  মৃগেশ নাৰায়ণ বৰুৱা, জিলা আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে ধৰি জিলা তথা মহকুমা প্ৰশাসনৰ বিষয় ববীয়া আৰু বিশিষ্ট ব্যক্তিসকল  উপস্থিত থাকে। আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত ৫০ তকৈও অধিক অসমৰ বিভিন্ন  দল সংগঠন, শিক্ষাগুৰু, বিশিষ্ট ব্যক্তি সকলে শৰাই, জাপি, ফুলাম গামোচা পৰম্পৰাগত সাজ পোচাকেৰে শুভেচ্ছা জনায়। 

বক্সাৰগৰাকীৰ আদিগুৰু প্ৰশান্ত দাসক অসম চৰকাৰে প্ৰদান কৰা দহ লাখ টকাৰ চেক লাভলীনাই নিজ হাতেৰে প্ৰশিক্ষক গৰাকীক প্ৰদান কৰে। মাত্ৰ কেইটামান ঘণ্টাৰ বাবেহে স্ব-গৃহলৈ অহা লাভলীনাই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই ওপজা ঘৰখনলৈ ৰাওনা হয় । নিজা ঘৰতো বাৰমুখীয়াবাসী ৰাইছে ঢোলে দগৰে আদৰণি জনায় । সম্পূৰ্ণ  এটা বছৰ ঘৰৰ পৰা আঁতৰত  থকা লাভলীনাই স্বগৃহত ভৰি দিয়াৰ লগে লগে মাতৃ  মামণি বৰগোহাঁই আৰু দুই ভগ্নীয়ে সাৱটি ধৰি আনন্দত আত্মহাৰা হৈ পৰে । 

ইপিনে আজি ৰাতিটো ঘৰতে কটোৱাৰ পাছত ১৮ আগষ্টৰ পুৱাই উত্তৰ প্ৰদেশলৈ ৰাওনা হʼব। উল্লেখযোগ্য যে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা  ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে খেলুৱৈ গৰাকীৰ গৃহত  উপস্থিত হৈ  সম্বৰ্ধনা জ্ঞাপন কৰে।

No comments