Breaking News

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিত সভা বিদ্যুৎ শইকীয়াক সাধাৰণ সম্পাদকৰ দায়িত্ব


ডিজিটেল সংবাদ,ডিমৌঃ যোৱা ২৫ আৰু ২৬ আগষ্টত শিৱসাগৰ জিলাৰ ডিমৌৰ ৰূপহীপামত  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুদিনীয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়।  সংগঠনৰ অনাগত দিনৰ কৰ্মসূচী আৰু সাংগঠনিক দিশ নিৰূপণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিনিধি সভাত ৰাজু বৰাক সভাপতি, মুকুট ডেকাক কাৰ্যকৰী সভাপতি আৰু সাধাৰণ  সম্পাদক ৰূপে বিদ্যুৎ শইকীয়া আৰু ধৈৰ্য কোঁৱৰক দায়িত্ব অৰ্পণ কৰে । প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনৰ প্ৰাক্তন শীৰ্ষ নেতা অখিল গগৈ। অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অবিৰতভাৱে সংগ্ৰাম চলাই যাব বুলি নেতৃত্বই উল্লেখ কৰে।

No comments