Breaking News

নুমলীগড় শোধনাগাৰৰ ধনশিৰি ঘাট পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ



ডিজিটেল সংবাদ,গোলাঘাটঃ আজি নুমলীগড় শোধনাগাৰৰ সৈতে  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঐতিহাসিক চুক্তি। ২২,৪৯৪ কোটি টকাৰ নুমলীগড় শোধনাগাৰৰ প্ৰকল্প সম্প্ৰসাৰণৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে বিস্তৃত পৰিকল্পনা হাতত লৈছে। জলপথেৰে নুমলীগড় শোধনাগাৰলৈ কাৰ্গ' পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে  কেন্দ্ৰীয় বন্দৰ, জল পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণে শোধনাগাৰটোৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰাকক্ষণত ধনশিৰি ঘাট পৰিদৰ্শন কৰে কেন্দ্রীয় বন্দৰ,জল পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে। 


ক'লকাতা, হলদিয়া বন্দৰৰপৰা ইণ্ডো-বাংলাদেশ প্ৰট'ক'ল জলমাৰ্গ হৈ ৩১ নং ৰাষ্ট্ৰীয় জলপথ (ধনশিৰি)ৰে বৃহৎ পৰিমাণৰ কাৰ্গ' এতিয়াৰেপৰা নুমলীগড় শোধানগাৰলৈ আহিব পাৰিব। শোধনাগাৰটোৰ সমীপৰ ধনশিৰি ঘাটতে কাৰ্গ'সমূহ নমাই তালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই গুৰুত্বপূৰ্ণ ব্যৱস্থা শোধনাগাৰটোৰ ক্ষমতা বৃদ্ধিত সহায়ক হোৱাৰ উপৰিও ইয়াৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু থলুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথো প্ৰশস্ত হ'ব। 

No comments