Breaking News

"অসম আৰক্ষী আৰু বন বিভাগে মিজো দখলকাৰীৰ পৰা শেহতীয়াকৈ ২০০ হেক্টৰ ভূমি মুক্ত কৰিছে" - বিধানসভাত গৃহ বিভাগৰ লিখিত উত্তৰ



দিছপুৰ: "হাইলাকান্দি জিলাত অসম আৰক্ষী আৰু ৰাজ্যখনৰ বন বিভাগে মিলি মিজো দখলকাৰীৰ কবলৰ পৰা অলপতে ২০০ হেক্টৰ ভূমি মুক্ত কৰিছে", অসম বিধানসভা অধিবেশনৰ আজিৰ দিনটোত এগৰাকী বিধায়কৰ প্ৰশ্নৰ লিখিত উত্তৰত গৃহ বিভাগে এই কথা উল্লেখ কৰে | অসম-মিজোৰাম সীমান্তৱৰ্তী কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ কিছু ভূমি মিজোসকলে বেদখল কৰা আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপৰ বিষয়ে বিধায়ক নজৰুল হকে এটা প্ৰশ্ন কৰিছিল | বিধায়ক গৰাকীৰ প্ৰশ্নৰ লিখিত উত্তৰত গৃহ বিভাগৰ তৰফৰ পৰা বিধানসভাক জনোৱা হয় যে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ক্ৰমে ৪০০, ৩৭৭.৫৮ আৰু ৮০০ হেক্টৰ ভূমি মিজো বেদখলকাৰীৰ কবলত পৰিছে | অসম চৰকাৰে উক্ত ভূমিসমূহ মিজো আগ্ৰাসনকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু আগ্ৰাসনকাৰীক বাধা দিবলৈ ইতিমধ্যেই পদক্ষেপ গ্ৰহণ কৰিছে | কৰিমগঞ্জ জিলাৰ মেধালিছেৰা আৰু ছটোৰভিৰবন্দ এলেকাত অসম আৰক্ষীয়ে ভূমি সুৰক্ষাৰ কাৰণে চিকিউৰিটী কেম্প স্থাপন কৰিছে | কাছাৰ জিলাৰ লাইলাপুৰ, কুলিছেৰা আৰু জয়দনপুৰ আদি বিশেষ এলেকাত ভূমি সুৰক্ষাৰ কাৰণে বন বিভাগ, আৰক্ষী আৰু জিলা প্ৰশাসন সষ্টম হৈ আছে | উত্তৰত আৰু উল্লেখ কৰা হয় যে হাইলাকান্দি জিলাত মিজো আগ্ৰাসনকাৰীয়ে নতুনকৈ ভূমি বেদখল কৰাৰ সকলো চেষ্টা মষিমূৰ কৰা হৈছে | অলপতে মিজো দখলকাৰীৰ কবলত থকা ভূমিৰ প্ৰায় ২০০ হেক্টৰ অঞ্চল আৰক্ষী আৰু বন বিভাগ মিলি বেদখলমুক্ত কৰিছে| 

আনহাতে ৰাজ্য দুখনৰ মাজৰ সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ তত্বাৱধানত দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ আলোচনা চলি থকাৰ কথাও গৃহ বিভাগৰ উত্তৰত প্ৰকাশ কৰা হয় |

No comments