Breaking News

গোলাঘাটত "স্বাধীনতাৰ অমৃত মহোৎসৱ" শীৰ্ষক কাৰ্যসূচী



ডিজিটেল সংবাদ,গোলাঘাটঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যত আয়োজিত হৈছে "স্বাধীনতাৰ অমৃত মহোৎসৱ" শীৰ্ষক কাৰ্যসূচী ৷ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ৰাজ্যজুৰি আয়োজন কৰিছে এই কাৰ্যসূচী।

৯ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ৰূপায়িত হ'বলগীয়া এই কাৰ্যসূচীৰ অংশৰূপে গোলাঘাটতো লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনৰ সভাকক্ষত গ্ৰামীণ যোগাযোগ ব্যৱস্থাত "প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (PMGSY) ৰ ভূমিকা "শীৰ্ষক এখন আলোচনা তথা সজাগতা সভা অনুষ্ঠিত হয়।

গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত গোলাঘাট,খুমটাই,বোকাখাত আৰু সৰুপথাৰ সংমণ্ডলৰ অভিযন্তা আৰু বিষয়াসকল উপস্থিত থাকে। সভাত বিভাগীয় অভিযন্তা সকলে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ( PMGSY)ৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

No comments