Breaking News

ভাদ মাহত পালনামৰ বাবে সাজু টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ



অজয় দত্ত, টীয়কঃ সমাগত পবিত্র ভাদ মাহ।পালনামৰ বাবে সাজু হৈছে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।পবিত্র ভাদ মাহ সোমাবলৈ মাজত মাত্র ৫ দিনহে বাকী।পূৰ্বৰ পৰম্পৰা অনুসৰি মাহজোৰা পালনামৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে উজনি অসমৰ পীঠস্থান স্বৰূপ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ।ৰাজ্যত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ এই পৰ্য্যন্ত অব্যাহত আছে যদিও অনিচ্ছয়তাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ।বৰনামঘৰৰ চৌহদ চূণ তেল দি উজ্বলাই তোলাৰ লগতে চাফ চিকুন কৰি ৰখা হৈছে চাৰিওদিশ। 

জনপ্ৰিয় ধৰ্মানুষ্ঠানটি প্ৰতি বছৰেই ভক্তৰ সমাগমে সমগ্ৰ ভাদ মাহটোতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে হৰি নামৰ অপূৰ্ব ধ্বনিৰে মুখৰিত কৰে আকাশ বতাহ।প্ৰতিজন ভক্তই নাম হৃদয়ংগম কৰাৰ উপৰিও শৰাই বন্তি আগবঢাই মনোবাঞ্চা পূৰণাৰ্থে আৰ্শীবাদ গ্ৰহণ কৰে।কিন্তু কৰুণাৰ বাবে এই বৰ্ষতো পালনাম আয়োজন কৰাত আহি পৰিছে চৰম অনিচ্ছয়তা। 



তৎস্বত্বেও ক'ভিডৰ চৰকাৰী নিৰ্দেশনাৰ মাজেৰেই বৰনামঘৰ ৰূপে ৫০০ বছৰীয়া পৰম্পৰা তিনিজন ভকতক লৈ হ'লেও পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে। আৰু এই সন্দৰ্ভত জিলা প্ৰশাসনৰ লগতো যোগাযোগ অব্যাহত ৰাখিছে নামঘৰ পৰিচালনা সমিতিয়ে।

No comments