Breaking News

চেলেঙীত মেডিকেল কলেজ স্থাপনৰ দাবীত গোলাঘাট আছুৰ স্মাৰক পত্র



ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট সদ্য প্ৰস্তাৱিত গোলাঘাট জিলাৰ বাবে নিৰ্দ্ধাৰিত চিকিৎসা মহাবিদ্যালয় খন গোলাঘাট জিলাত স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তক গোলাঘাট আঞ্চলিক ছাত্র সন্থাই আদৰণি জনাইছে। উল্লেখযোগ্য যে, সদ্য প্ৰস্তাৱিত মহাবিদ্যালয় খন গোলাঘাট জিলাৰ সমীপত অৱস্থিত চেলেঙী অঞ্চলত স্থাপন কৰিবৰ বাবে গোলাঘাট আঞ্চলিক ছাত্র সন্থাই গোলাঘাট জিলাৰ উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী ,স্বাস্হ্য মন্ত্রী আৰু বিত্তমন্ত্ৰীলৈ স্মাৰক পত্র প্ৰদান কৰে। 

ক্ৰমে গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অংশুমান বৰুৱা, বিশ্বজিৎ গগৈ, সভাপতি সীমান্তজ্যোতি গগৈ, সাঃ সম্পাদক বেদান্ত বৰা আৰু উপ-সভাপতি আকাশ ফুকনৰ উপস্থিতিত প্ৰদান কৰা স্মাৰক পত্র খনত কোৱা হয় যে চেলেঙী অঞ্চলটী গোলাঘাট জিলা সমীপত আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা দূৰত্ব মাত্র ৩ কিঃমিঃ, তদুপৰি উক্ত অঞ্চলত প্ৰায় ১৫০ বিঘাতকৈ  অধিক গ্ৰেজিং মাটি থকাৰ উপৰিও যাতায়াতৰ বাবেও যথেষ্ট সুবিধা থকাৰ কথা এক প্ৰেছ বিবৃতিৰ জড়িয়তে জানিবলৈ দিয়ে।

No comments