Breaking News

চৰাইদেউ জিলাত ১৪৪ ধাৰা জাৰি



মৃত্যুঞ্জয় দাস, সোণাৰিঃ চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশে " দা আসাম ক'ভিড -১৯ ৰেগুলেচনছ, ২০২০" ৰ ৩৪ নং ধাৰাৰ লগতে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ ৰাজহুৱা স্থান, কৰ্মক্ষেত্ৰ, কাৰ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে ৰাজহুৱা স্থানত ৫ জন বা ততোধিক লোক গোট খোৱা আৰু ৰাজহুৱা স্থানত থু পেলোৱাটো নিষিদ্ধ কৰা হৈছে। 


এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ডিজাছটাৰ মেনেজমেন্ট এক্ট ২০০৫ ৰ অধীনৰ ধাৰা ৫১ ৰ পৰা ৬০ লৈকে আৰু আই পি চি ৰ ১৮৮ ধাৰা অনুসৰিআইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।



No comments