Breaking News

জম্বিৰ আতংক~(অন্তিম খণ্ড)

তেওঁলোকে ব্ৰেইন নিস্ক্ৰিয় কৰি লোৱা মৃতদেহ এটা আনি মৃতকৰ ব্ৰেইনৰ পৰা কোষ উলিয়াই লৈ তাৰ ওপৰত বিভিন্ন ধৰনৰ পৰীক্ষা চলাই আছে।




মালবিকা শৰ্মা, ভুবনেশ্বৰ

 

বিখ্যাত বৈজ্ঞানিক মিষ্টাৰ ডেনিয়েলৰ নেতৃত্বত এদল বৈজ্ঞানিকে গৱেষণাগাৰত বেছ কিছুদিনৰ পৰা নুশুৱা-নুখুৱাকৈ একান্ত মনেৰে এই মহামাৰী ভাইৰাচক নিস্ক্ৰিয় কৰিবলৈ এক ধৰনৰ ৰসায়নৰ সৃষ্টি কৰিবলৈ পৰীক্ষণ চলাই আছে। তেওঁলোকে ব্ৰেইন নিস্ক্ৰিয় কৰি লোৱা মৃতদেহ এটা আনি মৃতকৰ ব্ৰেইনৰ পৰা কোষ উলিয়াই লৈ তাৰ ওপৰত বিভিন্ন ধৰনৰ পৰীক্ষা চলাই আছে। প্ৰথম পৰ্য্যায় দুটাত কৃতকাৰ্য্য হৈছে, এতিয়া তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ পৰীক্ষণ চলি আছে। এই পৰ্য্যায়ত কৃতকাৰ্য্য লভিলে এই ৰসায়নটোৰ ব্যৱহাৰে দুই ধৰনৰ কাম কৰিবলৈ সক্ষম হ’ব। প্ৰথমতে, ব্ৰেইন সজীৱ হৈ জম্বিলৈ সৃষ্টি হোৱা মৃতকবোৰ  আকৌ ব্ৰেইন নিস্ক্ৰিয় হৈ সাধাৰন মৃতকলৈ পৰিবৰ্তিত হ’ব। দ্বিতীয়তে, যিমানবোৰ জীৱন্ত মানুহক জম্বিয়ে কামুৰি জম্বিলৈ ৰূপান্তৰ কৰিছে, এই ৰসায়নৰ প্ৰভাৱত তেওঁলোক আকৌ আগৰ দৰেই জীৱন্ত, সুস্থ মানুহ হৈ যাব।

ইমান দিনৰ কষ্ট আৰু ধৈৰ্য্যৰ ফলস্বৰূপে তৃতীয় পৰ্য্যায়ৰ কামো সম্পূৰ্ণ হৈ উঠিল। সুৰক্ষা কৰ্মী কেইজনমানে ৰাস্তাৰে আহি থকা জম্বি কেইটামানৰ ওপৰত এই ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰি ইয়াৰ অভুতপূৰ্ব সাফল্য দেখি আনন্দত নাচি উঠে। আৰু কোনো ধৰনৰ দেৰী নকৰাকৈ সুৰক্ষা কৰ্মীবোৰে মনে-প্ৰাণে কামত লাগি পৰে। প্ৰতিটো ৰাস্তা, প্ৰতিটো গলি, প্ৰতিটো ঘৰ, প্ৰত্যেক ঠাইলৈ গৈ প্ৰত্যেকজন ব্যক্তিৰ ওপৰত এই ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে ভৱামতেই সকলোবোৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে।

গোটেই চহৰখনতেই আনন্দৰ জোৱাৰ উঠিছে। চহৰ এৰি পলোৱা মানুহবোৰেও খবৰ পাই নিজৰ ঘৰলৈ উভতি আহিছে। পুলিচে মৃতকবোৰক সৎকাৰৰ বাবে আত্মীয়-স্বজনৰ ওচৰত ফিৰাই দি গৈছে। সকলোৱে ইমান ডাঙৰ বিভীষিকাৰ পৰা ৰক্ষা পৰি বৈজ্ঞানিক আৰু সুৰক্ষা কৰ্মীসকলোৰ সন্মানাৰ্থে  বিভিন্ন ধৰনৰ আসৰৰ আয়োজন কৰিছে। চহৰখনত আকৌ আগৰদৰে শান্তি, শৃংখলা ঘুৰি আহিছে।

(সমাপ্ত)


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –

https://www.facebook.com/malabika123লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –

https://www.facebook.com/malabika123

No comments