Breaking News

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ চিৰাং জিলাৰ বিজনী পৰিভ্ৰমণ



ৰাজীৱ বৰ্মন, চিৰাং: সোমবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে চিৰাং জিলাৰ বিজনীত পৰিভ্ৰমণ কৰে। বিজনীৰ কাচদহাৰ অতি দৰিদ্ৰ কৃষক, ৬৫ বছৰীয়া বৃদ্ধ  চামাচৰণ বসুমতাৰীয়ে আজিকোপতি চৰকাৰৰ পৰা কোনো সাহায্য লাভ নকৰিলে। এই চামাচৰণ বসুমতাৰীৰ ভঙা পজাত উপস্থিত হ'লহি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।  উল্লেখ্য চামাচৰণ বসুমতাৰীকে ধৰি বিজনীৰ বিভিন্ন অঞ্চলৰ মুঠ ৩ টাকৈ দৰিদ্ৰ পৰিয়ালৰ বাসভৱনত উপস্থিত হৈ অৱস্থাৰ বুজ ল'লে বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে। 

ইয়াৰ পাছতেই বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা 'REVIEW MEETING' ত বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া বৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভাগ সমূহৰ অভাৱ- অভিযোগৰ বুজ লয় প্ৰমোদ বড়োয়ে। 

ইয়াৰোপৰি  বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গাৰগাওঁস্থিত চিৰাং পলিটেকনিক  পৰিদৰ্শন কৰি শিক্ষানুষ্ঠান দুখনৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় প্ৰমোদ বড়োয়ে ।

বিজনীৰ চাৰাপেট,  দৈমুগুৰী, মালিপাৰা আদি অঞ্চলৰ আই নৈৰ খহনীয়া পৰিদৰ্শন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে। 

আনহাতে, বল্লামগুৰী ভিচিডিচি কাৰ্যালয়ত ইউপিপিএলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয় । উক্ত সভাতো মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।

উলুবাৰী হাইস্কুল আৰু পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ো পৰিদৰ্শন কৰে বিটিআৰ ছীফ প্ৰমোদ বড়োয়ে।

No comments