Breaking News

নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত কভিড ভেকছিন শিৱিৰ সম্পন্ন


 

কুমুদ বৰা,দেৰগাঁওঃ নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত ৪০০ গৰাকী লোকক ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়। বানাক্ৰান্ত অঞ্চলটোত বহু লোক কভিড ভেকছিন গ্ৰহনৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অঞ্চলটোৰ অগ্ৰণী মহিলা সংগঠন নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনে এই উদ্যোগ গ্ৰহণ কৰে।ইয়াকে লৈ পুৱাৰে পৰা অঞ্চলটোৰ মহিলা সকলে শিৱিৰটো সজাই পৰাই তোলাত ব্যস্ত হৈ পৰে। শিৱিৰটোৰ আৰম্ভনিতে ফিটা কাটি উন্মোচন কৰে সোনালী গ্ৰাম্য সংগঠনৰ খণ্ড সমন্বয়ক প্ৰাঞ্জল প্ৰতিম বৰাই ।অনুষ্ঠানটিত জীৱিকা সখী মঞ্জুলা বেগম, স্থানীয় গাঁওবুঢ়া তুলসী শইকীয়াকে ধৰি স্বাস্থ্য কৰ্মী সকলক সোনালী গ্ৰাম্য সংগঠনৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।কভিদ প্ৰটক'লৰ মাজেৰে অতি নিয়াৰিকৈ অনুষ্ঠিত হোৱা শিৱিৰটোত ৱাৰ্ড সদস্য দ্বীজেন পাটিৰকে ধৰি গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে বিশেষ ভাৱে সহযোগিতা আগবঢ়াই।

উল্লেখ্য যে এজন যুৱকে এগৰাকী বৃদ্ধাক কোচত তুলি লৈ ভেকছিন কেন্দ্ৰলৈ নিয়াৰ দৃশ্যই সকলোৰে মন আবেগিক কৰি তোলে।

No comments