Breaking News

গোলাঘাটত সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন


ডিজিটেল ডেস্কঃ
গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত শনিবাৰে সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক ম: ফকৰুদ্দিন  আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত গোলাঘাট (সদৰ)ৰ মহকুমাধিপতি সংগীতা বৰঠাকুৰ আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক উমেশ কুমাৰ উপস্থিত আছিল । নিজৰ ভাষণত মহকুমাধিপতি গৰাকীয়ে ভাৰতত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ইতিহাস, প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । সভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক গৰাকীয়ে বিভাগৰ তৰফৰ পৰা শিপিনীসকললৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে । উপ হস্ততাঁত বিষয়া কিৰণ বৰুৱাই আঁত ধৰা সভাত সভাপতি গৰাকীয়ে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে  হস্ততাঁত বিভাগে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে।

No comments