Breaking News

চিৰাঙৰ কুমগুৰী গাঁৱত এক নৃশংস হত্যাকাণ্ড



ৰাজীৱ বৰ্মন,চিৰাঙঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এটা দুৰ্বৃত্তৰ দলে এগৰাকী পঞ্চাশ বছৰীয়া মহিলাক নিজ ঘৰৰ চোতালত চোকা অস্ৰৰে ঘপিয়াই হত্যা কৰে। নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৫০)। কুমগুৰী গাঁৱৰ বাসিন্দা  বজুন কিস্কুৰ পত্নী বালে মাৰ্ডিক ডাইনী সন্দেহত ঘৰৰ পৰা মাতি আনি নৃশংস ভাৱে হত্যা কৰা হৈছে বুলি স্থানীয় লোকে সদৰি কৰিছে। ঘটনাস্থলীত ৰুণীখাতা আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।  

ৰুণীখাতা আৰক্ষী থানাৰ CI ৰত্নেশ্বৰ বৰ্মনে এতিয়া লৈকে এই সন্দৰ্ভত কোনো অপৰাধীক  আটক কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে  চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

No comments