Breaking News

নুমলীগড়ত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

 


ডিজিটেল সংবাদ,নুমলীগড়ঃ নুমলীগড়ত  অব্যাহত আছে হাতী-মানুহৰ সংঘাত ।নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল এজনৰ। আন এজন গুৰুতৰ ভাৱে আহত হয়। ইয়াৰ উপৰিও কেইবাটাও বাসগৃহৰ ক্ষতি সাধন কৰে বন্যহস্তীয়ে। 

নুমলীগড়ৰ ৪নং ৰংবঙত সংঘটিত হয় এই ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় পৰেশ লোহাৰ নামৰ এজন লোক।আনহাতে, ৰামনাথ ভকত নামৰ আন এজন গুৰুতৰ ভাৱে আহত হয়। আহত  লোক জনৰ অৱস্থা সংকটজনক। বন্যহস্তীয়ে নিশা শুই থকা অৱস্থাত আক্ৰমণ কৰে লোক কেইজনক। শুই থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ আন কেইবাজনো সদস্যৰ।

নিহত পৰেশ লোহাৰ নামৰ ব্যক্তি জনে উক্ত ঘৰটোত কৰ্মসূত্ৰে  আছিল। নুমলীগড়ৰ এই বৃহৎ অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতীৰ উপদ্ৰৱ। যাৰ বাবে নিশা উজাগৰেই পাৰ কৰিব লগা হৈছে স্থানীয় ৰাইজে ।

No comments