Breaking News

ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "বেলকনিত ভগৱান"লৈ Honourable Mention এৱাৰ্ড

"বেলকনি ভগৱান" চিনেমা খনে নেৰেটিভ শাখাত বিদেশী চিনেমাৰ লগত তীব্ৰ প্ৰতিদন্দিতা আগবঢ়াই Honourable Mention এৱাৰ্ড বুটলিবৈ সক্ষম হৈছে


ইটোৰ পিছত সিটো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্হান লভা বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাৰ কাহিনী,চিত্ৰনাট্য, সংলাপ আৰু পৰিচালিত আৰু "জেতুকা পাতৰ দৰে" চলচ্চিত্ৰখনৰ বাবে ৰজত কমল প্ৰাপক ,সাহিত্যিক নুৰুল চুলতানৰ দ্বাৰা প্ৰযোজিত "বেলকনিত ভগৱান"- গড অন দ্যা বেলকনি চলচ্চিত্ৰখনে শেহতীয়াকৈ দুটা সুনামে ৰাজ্যৰ সাংস্কৃতিক প্ৰেমি সকলক আনন্দিত কৰিছে৷কালি পোৱা খবৰ মতে যোৱা ২৩ জুলাইৰ পৰা ব্ৰাজিলত অনুষ্ঠিত হোৱা লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "বেলকনি ভগৱান" চিনেমা খনে নেৰেটিভ শাখাত বিদেশী চিনেমাৰ লগত তীব্ৰ প্ৰতিদন্দিতা আগবঢ়াই Honourable Mention এৱাৰ্ড বুটলিবৈ সক্ষম হৈছে৷ উক্ত মহোৎসৱত বুলগেৰিয়াৰ  চিনেমা "চিবিল" শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে৷ উল্লেখযোগ্য যে অহা ১২ আগষ্টৰ পৰা অষ্টেলিয়াৰ মেলবৰ্নত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তিনিটা শাখাত বেলকনিত ভগৱানয়ে মনোনয়ন লাভ কৰিছে৷শ্ৰেষ্ঠ ছবি,শ্ৰেষ্ঠ পৰিচালক- বিশ্বজিত বৰা,শ্ৰেষ্ঠ অভিনেতা হৰিশ খান্না মনোনয়নত স্হান পাইছে৷ এই বাতৰি ৰাষ্ট্ৰীয় বাতৰি দ্য হিন্দু , দৈনিক ভাস্কৰন আদিত চৰ্চা হৈছে৷ইতিমধ্যে লণ্ডনত অনুষ্ঠিত ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত "বিশেষ সন্মান" পোবাৰ লগতে ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আজুৰি আনিছে৷জুনমাহত হোৱা নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বাবে হৰিশ খান্না আৰু শ্ৰে্ষ্ঠ শিশু শিল্পীৰ শিতানত পৰিনান্ধি জিমা চুলতানাই মনোনয়ন লাভ কৰিছিল৷জাৰ্মানীৰ ষ্টুটগাত চলচ্চিত্ৰ মহোৎসৱত ছবিখন স্কুল অৱ দ্য ইয়েৰ ৰূপে নিৰ্বাচিত হোৱাৰ লগতে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক বিশ্বজিত বৰাই শ্ৰেষ্ঠ পৰিচালকৰ শিতাপ লভিছিল৷

No comments