Breaking News

গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা



গোলাঘাট, ৭ আগষ্ট : গোলাঘাট জিলাৰ অভিভাৱক সচিব তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব শ্ৰী অনুৰাগ গোৱেলে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ কৃষি, পশুপালন আৰু পশুচিকিৎসা, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, মীন, জলসিঞ্চন, স্বাস্থ্য, লোকনিৰ্মাণ, আবকাৰী, সমাজ কল্যান, কৰ, পৰিবহন আৰু জলসম্পদকে ধৰি প্ৰায় প্ৰতিটো বিভাগৰে কাম-কাজ আৰু বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় । অভিভাৱক সচিবগৰাকীয়ে বিভাগসমূহে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু অভাৱসমূহৰ বুজ লৈ কয় যে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যাতে প্ৰতিখন আঁচনি সফল আৰু আসোঁৱাহমুক্তভাৱে ৰূপায়ন কৰিব পৰা যায় । তেওঁ আঁচনিসমূহৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত বিভাগসমূহক প্ৰাৰম্ভিক পৰ্যায়তে সতৰ্ক আৰু সজাগ হ'বলৈ নিৰ্দেশ দিয়ে । তেওঁ জিলাখনৰ ক'ভিড পৰিস্থিতিৰো পৰ্যালোচনা কৰে । সচিবগৰাকীয়ে গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱা বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগক বিশেষভাৱে গুৰুত্ব দিছে । সচিবগৰাকীয়ে অগ্ৰাধিকাৰ ভিত্তিত ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে জাপানীজ এনকেফেলাইটিছৰ সম্ভাব্য সংক্ৰমণ ৰোধ কৰাৰ বাবে  গাহৰিৰ পৰা ব্যৱধান ৰক্ষা কৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰাতো তেওঁ গুৰুত্ব আৰোপ কৰে । সচিবগৰাকীয়ে এম জি এনেৰেগাৰ কামৰ পৰ্যালোচনা কৰি এইক্ষেত্ৰত বিভাগসমূহৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিলেহে জিলাখনৰ সৰ্বাংগীন উন্নতি সম্ভৱ হ'ব । 



সচিবগৰাকীয়ে লগতে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগক জল জীৱন অভিযানৰ কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তিনিটা পৰ্যায়ত অনুষ্ঠিত আজিৰ বৈঠকত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্তসকল, বোকাখাত আৰু ধনশিৰী মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।

No comments