Breaking News

চৰাইদেউত অব্যাহত আবকাৰী অভিযান



মৃত্যুঞ্জয় দাস, সোণাৰিঃ অবৈধ সুৰাৰ বিৰুদ্ধে বিগত কেইটামান দিনত  চৰাইদেউ জিলাৰ আবকাৰী বিভাগে পুনৰ ব্যাপক অভিযান চলাইছে। ইতিপূৰ্বেও চলাই অহা আবকাৰী অভিযানসমূহত বহু হাজাৰ লিটাৰ চুলাই মদৰ পাছ, চুলাই তৈয়াৰৰ বাবে ব্যৱহৃত বুজন সংখ্যক যন্ত্ৰ, তৈয়াৰী চুলাই আদি জব্দ কৰি ধ্বংস কৰাৰ উপৰি অবৈধ সুৰাৰ ব্যৱসায়ত জড়িত ব্যক্তিক আদালতত হাজিৰ কৰোৱাইছে। সেই অভিযানৰ অংশ হিচাপে যোৱা তিনি - চাৰিদিনতো বিভাগে খৰিয়াভেটা,পঞ্চিম নলবৰীয়া, ৰাইদাং, হজুৱা বস্তি,খৈৰাভেটা,মোহনগাঁও, খনা, ছফ্ৰাই আদি অঞ্চলৰ কেইবাটাও  স্থানত চলোৱা অভিযানত অবৈধ সুৰা প্ৰস্তুত কৰা কেইবাটাও ভাটী উচ্ছেদ কৰে।



চৰাইদেউ জিলাৰ আৰক্ষীৰ পূৰ্ণ সহযোগত  চলোৱা এই অভিযানসমূহত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ১,১৭০ লিটাৰ গেলা পাছ,  সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ১৩ টা যন্ত্ৰ আৰু প্ৰায় ৩৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই  জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়। এই সন্দৰ্ভত আবকাৰী বিভাগে  অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু কৰিছে আৰু ৩ গৰাকী ব্যক্তিক আটক কৰিছে। এই অভিযান অব্যাহত থাকিব বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

No comments