Breaking News

অসম নগালেণ্ড সীমান্তত ১৪ আচাম ৰাইফলচৰ বৃহৎ অভিযান



বাবুল দাস,মেৰাপানীঃপুৱতি নিশা অসম নগালেণ্ড সীমান্তত ১৪ আচাম ৰাইফলচৰ বৃহৎ অভিযান। গোপন সূত্ৰৰ পমখেদি চলা এই অভিযানত উগ্ৰপন্থীৰ এটা অস্থায়ী শিৱিৰ ধ্বংস কৰাৰ লগতে বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনকৈ দুধৰ্ষ NSCN(IM)ৰ সদস্য আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। NSCN ৰ চাৰ্জেন্ট মেজৰ পৰ্যায়ৰ কেডাৰসহ মুঠ চাৰিজন দুধৰ্ষ সদস্যই নগাপাহাৰৰ দুৰ্গম অঞ্চলত অস্থায়ী শিৱিৰ স্থাপন কৰি আছিল। 

এই অভিযানত নগা উগ্ৰপন্থী সদস্য কেইজনৰ পৰা এটা AK 47, এটা AK56, M16, HK ৰাইফল,এটা পইন্ট 32 পিষ্টল, এটা M21 পিষ্টল আৰু 449 ৰাউণ্ড সজীৱ গুলী, তিনিটা ম'বাইল ফোন, নথি-পত্ৰ, ৰেচন আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৪ আচাম ৰাইফলচৰ চিশ্বামা বেটেলিয়নে। অসম নগালেণ্ড সীমান্তত বাহৰ পাতি এই নগা উগ্ৰপন্থীৰ দলটোৱে ধনদাবী অথবা স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী দলটোৱে। এই দলটো আটক  কৰি শিৱিৰ ধ্বংস কৰাৰ ফলত অসম মিজোৰাম সীমান্তৰ দৰে কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্ত মেৰাপানী।

No comments