Breaking News

লেহেমীয়া গতিত নিৰ্মাণ কৰা পকী দলঙক লৈ ক্ষোভিত দক্ষিণ আহঁতগুৰি বাসী



কুমুদ বৰা,দেৰগাঁওঃ দেৰগাঁৱৰ সীমান্তৱৰ্তী দক্ষিণ আহঁতগুৰিৰ ধোদাং উজিৰআটি চৰলাপাৰ আৰু কৰৈগুৰি সংযোগী ব্ৰহ্মপুত্ৰ সুতীৰ ওপৰত দুবছৰৰ পূৰ্বে আৰম্ভ কৰা পকী দলঙ খনিৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। দক্ষিণ আহঁতগুৰি বাসীৰ লগতে দেৰগাঁৱৰ সীমান্তৱৰ্তী অঞ্চলৰ যোগাযোগৰ ক্ষেত্ৰত একমাত্ৰ পকী দলং খনি সম্পূৰ্ণ হৈ নুঠাত যমৰ যাতনা ভূগিব লগা হৈছে জনসাধাৰণে।উল্লেখ্য যে, কাষতে এখনি কাঠৰ দলং আছে যদিও দলংখনিত অতি নিম্ন মানৰ কাঠ লগোৱাত দলংৰ ওপৰেদি সাধাৰণ চাইকেল আৰোহী এজনো পাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। 



ইতিমধ্যে দলঙ খনত বহু কেইজন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ'ব লগা হৈছে।সেয়ে স্থানীয় ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত আৰম্ভ কৰা পকী দলঙ খনি খৰতকীয়াকৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে।

No comments