Breaking News

১ ছেপ্তেম্বৰৰ পৰা পৰ্য্যটকৰ বাবে মুকলি কৰিব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান



ডিজিটেল সংবাদ,কাজিৰঙাঃ ৰাজ্যত কৰ'নাৰ ত্ৰাসৰ বাবে বিগত পাঁচ মাহৰ পৰাই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰৰ উদ্যান বন্ধ হৈ আছিল।  ৰাজ্যত কৰ'নাৰ বিভীষিকা হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশী বিদেশী বিভিন্ন পৰ্যটকৰ দৰ্শনৰ বাবে কভিডৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি ১ ছেপ্তেম্বৰৰ পৰা মুকলি কৰি দিব বুলি জনায় কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যানত কৰ্মৰত ৰঞ্জন ফুকনে। 

উল্লেখযোগ্য যে, কেইবাটাও নতুন সংযোজন কৰি ন-ৰূপত সজাই তোলাত ব্যস্ত হৈ পৰিছে উদ্যানৰ কৰ্মচাৰী সকল। পুৰ্ণদ্যমে চলিছে সাংস্কৃতিক অনুষ্ঠানৰ আখৰাও। ২০১৫ চনৰ পৰা আৰম্ভ হোৱা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য, ৰং বিৰঙৰ ফুল,  বিভিন্ন প্ৰকাৰৰ অৰ্কিড,কেকটাচ্ সংগ্ৰহালয়, জনগোষ্ঠীয় নৃত্য, বনৌষধিৰ বাগিছা, বিভিন্ন বাঁহৰ প্ৰজাতি চাবলৈ পোৱাৰ ওপৰিও নৌকা বিহাৰকে ধৰি বিভিন্ন বিনোদনৰ সুবিধা আছে পৰ্য্যটকৰ বাবে।

No comments