Breaking News

গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী



ডিজিটেল সংবাদ,গোলাঘাটঃ আজি গোলাঘাট আঞ্চলিক ছাত্র সন্থাই নগৰখনৰ বিভিন্ন সমস্যাসমূহ  সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। নগৰখনৰ যান-জঁটৰ সমস্যাৰ স্থায়ী সমাধান কৰা, পাৰ্কিংৰ সু-ব্যৱস্থা কৰা, কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা,গেছ পাইপলাইনৰ সমস্যা নিৰ্মূল কৰা,বিজুলীৰ সমস্যাকে আদি কৰি নানানটা দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী।

হাতে হাতে বেনাৰ-ফেষ্টোন লৈ চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে সৌচ্চাৰ হৈ পৰা ছাত্রকৰ্মীসকলে জিলাখনত কেইবাবছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা চৰকাৰী সম্পদসমূহৰ সুব্যৱহাৰৰ ব্যৱস্থা কৰাকে আদি কৰি গোলাঘাটবাসী ৰাইজে সন্মুখীন হৈ অহা এশ-এবুৰি সমস্যাত চৰকাৰে কৰা গাফিলতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী আছুকৰ্মীসকল ।

No comments