Breaking News

বিশিষ্ট সাহিত্যিক হৰেন্দ্ৰ নাথ দত্তৰ দেহাৱসান



অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি, সমাজ সেৱক হৰেন্দ্ৰ নাথ দত্তৰ শনিবাৰে নিশা ৯ঃ১৫ বজাত ইহলীলা সম্বৰণ কৰে। হৰেন্দ্ৰ নাথ দত্ত দেৰগাঁৱৰ বৰ্তমান পদ্মপুৰত ১৯৪০ চনত জন্ম গ্ৰহণ কৰিছিল।তেখেতৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল দেৰগাঁও বালক উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰা।গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল দত্তই। ১৯৬৩ চনত টীয়ক বেজবৰুৱা মহাবিদ্যালয়ত পোন প্ৰথমে অধ্যাপক হিচাপে যোগদান কৰিছিল আৰু ১৯৬৭ চনত নিউ যোৰহাট কলেজলৈ বদলি হৈ  কেইটামান বৰ্ষ অধ্যাপনা কৰি ১৯৬৯ চনৰ পৰা ২০০০ বৰ্ষলৈকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অধ্যাপনা কৰি উক্ত মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। 

তেখেতৰ ৰসিক কথোপকথন তথা বক্তব্য‌ই সকলোকে আকৰ্ষণ কৰিছিল। ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰিয় এই গৰাকী নমস্য শিক্ষা গুৰুৱে য ৩১জুলাইৰ নিশা ইহলীলা সম্বৰণ কৰে। তেখেত একেধাৰে এগৰাকী প্ৰতিষ্ঠিত সাহ্যিত্যিক , সমালোচক, সাহিত্য সংগঠক, অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ উপৰিও ২০০৫ চনৰ পৰা ২০০৬ চনলৈকে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতিৰ  পদ অলংকৃত কৰিছিল।  গোলাঘাট জিলা গণনাট্য সংঘৰ এসময়ৰ  সভাপতি আছিল।

তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰে।

No comments