Breaking News

তেজপুৰ বিশ্ববিদ্যালয়ৰ এম টেকত সৰ্বোচ্চ স্থান বোকাখাতৰ উদ্দীপন হাজৰিকাৰ



অজন্তা তালুকদাৰ, বোকাখাত: বোকাখাতৰ খতিয়াখলিৰ উদ্দীপন হাজৰিকাই সদ্যঘোষিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিঙৰ ইলেকট্ৰনিকচ এণ্ড কমিউনিকেচন বিভাগৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত (এম টেক, স্পেশ্যিয়েলাইজেচনঃ বায়'ইলেকট্ৰিকেলচ) বিভাগটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ৩১ জুলাইত ঘোষণা কৰা ফলাফল অনুসৰি দুবছৰীয়া পাঠ্যক্ৰমত ৯.২২ গ্ৰেড পইণ্ট লাভ কৰি বিভাগটোৰ ভিতৰতে প্ৰথম হয় উদ্দীপন হাজৰিকা ৷ সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত ককাক তথা কৃতি শিক্ষক, আধুনিক বোকাখাত অঞ্চলৰ অন্যতম বুনিয়াদ গঢ়োঁতা প্ৰয়াত টংকেশ্বৰ হাজৰিকাৰ লগতে আইতাক, পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃকে ধৰি আদৰ্শ ঘৰখনে যোগোৱা অনুপ্ৰেৰণাৰ কথা দোহাৰে উদ্দীপনে।

শৈক্ষিক জীৱনৰ আৰম্ভণিতে খতিয়াখলি প্ৰাথমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰাথমিক বৃত্তি পৰীক্ষা (চৰকাৰী)ত স্থান লাভ কৰা উদ্দীপনে যোৱা ২০১৯ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট ইনষ্টিটিউট অৱ চায়েঞ্চ এণ্ড টেকনলজি (জিষ্ট)ৰ পৰা ইলেকট্ৰনিকচ এণ্ড টেলি কমিউনিকেচন বিভাগৰ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান দখল কৰি ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰ পৰা সংগীত সাধনা কৰি অহা উদ্দীপন এগৰাকী উদীয়মান খ্যাতিসম্পন্ন গীতাৰ বাদক আৰু সম্প্ৰতি 'নিস্তব্ধ' মিউজিক বেণ্ডৰ সৈতে জড়িত। উল্লেখ্য যে উদ্দীপনৰ পিতৃ বোকাখাতৰ খতিয়াখলি নিবাসী, ৰজাবাৰী হাইস্কুলৰ শিক্ষক বিজয়ানন্দ হাজৰিকা এগৰাকী বিশিষ্ট সংগীত শিল্পী, নাট পৰিচালক আৰু নাট্যকৰ্মী হোৱাৰ লগতে সংগীত সাধনাত ব্ৰতী সমগ্ৰ পৰিয়ালটো সংস্কৃতি নগৰী বোকাখাতৰ অন্যতম উদাহৰণ। 

         আইতাক পুতলী হাজৰিকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সমাজকৰ্মী। বিজয়ানন্দ হাজৰিকা আৰু মিনতি হাজৰিকাৰ দুই পুত্ৰ সন্তানৰ কনিষ্ঠ পুত্ৰ উদ্দীপনে ভৱিষ্যতে গৱেষণাৰ জড়িয়তে পি এইচ ডি ডিগ্ৰী অৰ্জন কৰাৰ হেঁপাহ পুহি ৰাখিছে ৷

No comments