Breaking News

ব্যতিক্রমী ধৰণে বক্সাৰ লাভলীনাক শুভেচ্ছা জনালে গহপুৰৰ সপ্তম শ্রেণীৰ ছাত্রী তনয়া শইকীয়াই



ড০ কাজুৰি শৰ্মাঃ টকিঅ' অলিম্পিকত বক্সিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পদক নিশ্চিত কৰা অসম কন্যা, বক্সাৰ লাভলীনা বৰগোহাঁইক ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা জ্ঞাপন কৰাৰ প্ৰয়াস কৰিছে গহপুৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে। শংকৰদেৱ শিশু বিদ্যা নিকেতন, কলাবাৰীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী তনয়া শইকীয়াই আহত গছৰ পাতত লাভলীনা বৰগোহাঁই, টকিঅ' আদি শব্দৰ লগতে অলিম্পিকৰ চিম্বলৰ ওপৰিও  'Go For Glory' লিখি শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনা বৰগোহাঁইক। 

  কলাবাৰী পহুকটাৰ নিৱাসী শিক্ষক বিশ্বজিৎ শইকীয়া আৰু শিক্ষয়িত্ৰী মৌচুমী শইকীয়াৰ একমাত্ৰ কন্যা তনয়া শইকীয়াই অসম কন্যা, বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আহত পাতত শুভেচ্ছা বাৰ্তা আঁকি জ্ঞাপন কৰিছে বক্সাৰ গৰাকীলৈ শুভেচ্ছা। 

  পূৰ্বতে কেৱল পিতৃ-মাতৃৰ নামহে আহত পাতত ব্লেডেৰে কাটি অংকন কৰা তনয়াই অতি কম সময়ৰ ভিতৰতে লাভলীনা বৰগোহাঁই, টকিঅ', 'গ' ফৰ গ্লো'ৰী' আদি শব্দ অংকন কৰি তনয়াই বক্সাৰ গৰাকীয়ে সোণৰ পদক অৰ্জনেৰে অসম তথা ভাৰতৰ নাম বিশ্ববাসীৰ মাজত জিলিকাব বুলি আশা প্ৰকাশ কৰিছে।

No comments