Breaking News

মাজুলীত শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু

 


ডিজিটেল সংবাদ,মাজুলীঃ মাজুলীত শিক্ষা মন্ত্ৰী ৰনোজ পেগু। নদীদ্বীপ মাজুলীত প্ৰস্তাৱিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নির্মাণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।বিশ্ববিদ্যালয়খনৰ বাবে ইতিমধ্যে অসম চৰকাৰে ৫০ কোটি টকা আবণ্টন দিছে। এই কথা উল্লেখ কৰে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুয়ে। 

  লগতে ১.৩৩ কোটি টকাৰে নিৰ্মীয়মাণ অস্থায়ী কাৰ্যালয় আৰু শ্ৰেণীকোঠাৰো নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে মন্ত্ৰী গৰীকীয়ে। সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমিত চলি থকা গৰা খহনীয়াও পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে।

No comments