Breaking News

গোলাঘাটৰ বগৰীজেং নৰাগাঁৱত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী



ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ বগৰীজেং নৰাগাঁৱত পুনৰ পিঞ্জৰাবদ্ধ  নাহৰফুটুকী। দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা এটা নাহৰফুটুকী আজি পুৱাই পিঞ্জৰাৱদ্ধ হয়। বাঘটো চাবলৈ গাঁওবাসীৰ ভীৰ লাগিল। দীৰ্ঘদিন ধৰি গাঁওবাসীৰ পশুধন ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্রাস সৃষ্টি কৰি অহা নাহৰফুটুকীটোক কেন্দ্ৰ কৰি আতংকত ভুগিছিল গাঁওবাসী। অৱশেষত বন বিভাগৰ পিঞ্জৰাত সোমাল নাহৰফুটুকীটো। 

উল্লেখ্য যে, পূৰ্বতেও এই অঞ্চলত বাঘৰ সন্ত্ৰাস নিৰৱচ্ছিন্নভাৱে চলি আছিল।পিঞ্জৰা‌ত আৱদ্ধ হোৱা এইটো ১১ নং নাহৰফুটুকী। আনহাতে, অঞ্চলটোৰ আশে-পাশে আৰু নাহৰফুটুকী থকা বুলি সন্দেহ স্থানীয় ৰাইজৰ।


No comments