Breaking News

গোলাঘাট কমাৰ্চ কলেজত শিক্ষাৰ উদাৰীকৰণ ব্যৱস্থাৰ ওপৰত অনলাইন বক্তৃতা অনুষ্ঠান সম্পন্ন

 


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট কমাৰ্চ কলেজত ২১ আগষ্ট, ২০২১ত গণিত আৰু পৰিসংখ্যা বিভাগৰ উদ্যোগত, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এখনি অনলাইন মাধ্যমেৰে বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে ভাগ লয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইয়ে। তেওঁ ২০২০ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে শিক্ষাৰ উদাৰীকৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তা, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ উদাৰীকৰণে এগৰাকী শিক্ষাৰ্থীক বিভিন্ন বিভাগৰ বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰি এজন চিন্তাশীল ব্যক্তি হোৱাৰ লগতে মন আৰু চিন্তনৰ ক্ষেত্রত এজন বিবেকবান মানুহ হ'বলৈ সহায় কৰে৷ বক্তৃতাৰ শেষত তেখেতে বিভিন্ন মহাবিদ্যালয়ৰ পৰা অংশগ্রহণ কৰা অধ্যাপক আৰু শিক্ষাৰ্থীৰ লগত ভাৱৰ আদান প্ৰদান কৰে। অনুষ্ঠানটোৰ আঁত ধৰে গণিত আৰু পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ কৰবী দেৱীয়ে। উদ্বোধনী ভাষণ প্রদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই। আৰু বীজ ভাষণ প্রদান কৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতিম দত্তই। 

অনুষ্ঠানৰ শেষত শলাগৰ  শৰাই আগবঢ়ায় বিভাগৰ অধ্যাপক ড০ লৱ সন্দিকৈয়ে।

No comments