Breaking News

সোণাৰিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা



মৃত্যুঞ্জয় দাস, সোণাৰিঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰলৈ সোণাৰিত পদাৰ্পণ কৰাত দলীয় নেতা আৰু কৰ্মী সকলে তেখেতক বিপুল আদৰণি জনায়। এই উপলক্ষে চৰাইদেউ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰি ৰাজীৱ ভৱনত এক বিশেষ সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টিৰ অন্তৰ্গত পাঁচখন ব্লক কমিটিৰ লগতে মণ্ডল কংগ্ৰেছ আৰু বিভিন্ন ভাতৃ সংগঠনৰ তৰফৰ পৰা ৰাজ্যিক সভাপতি ভূপেন বৰাক বিপুল সম্বৰ্ধনা জনোৱা হয়।

 জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈয়ে আঁতধৰা এই সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সূৰুজ দিহিঙীয়াই আদৰণি ভাষণ দিয়াৰ লগতে ভালেসংখ্যক দলীয় নেতা আৰু কৰ্মীয়ে বিগত নিৰ্বাচন সমূহত দলটোৱে সন্মুখীন হোৱা বিপৰ্যয়ৰ কাৰণ ব্যখ্যা কৰাৰ উপৰিও আগন্তুক দিনৰ বাবে গ্ৰহণ কৰিব লগা কেতবোৰ পৰামৰ্শ আগবঢ়ায়। সভাত ভাষণ দি সভাপতি ভূপেন বৰাই আগন্তুক দিনত কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ বাবে সকলো স্তৰৰ দলীয় নেতা আৰু কৰ্মী সকলক সহযোগ কৰিবলৈ আহ্বান জনায়।

No comments