Breaking News

মৰাণ জনগোষ্ঠীৰ ৬ সংগঠনক অপমান/ অইলৰ আৱাসিক মুখ্যকো গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান



ৰবীন মৰাণ, পেঙেৰীঃ তিনিচুকীয়াৰ উপায়ুক্ত নৰসিংহ পাৱাৰ সাম্ভাজীৰ সঞ্চালনাত ৩ আগষ্টত তিনিচুকীয়াত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ পৰিৱৰ্তে উপায়ুক্তগৰাকীয়ে মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ প্ৰতিনিধিক অপমান কৰাৰ প্ৰচেষ্টা চলাই ৰহস্যজনকভাৱে সভাকক্ষ ত্যাগ কৰাৰ অভিযোগ উহিছে। মৰাণ জনগোষ্ঠীৰ তিনি সংগঠনৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত এই অভিযোগ উত্থাতিত হৈছে।আন এক অভিযোগ মতে বাঘজানৰ উন্নয়ন সন্দৰ্ভত তদানীন্তন কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ কথাও সভাত নস্যাৎ কৰে উপায়ুক্ত গৰাকীয়ে।  উল্লেখ্য যে বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তই উপযুক্ত ক্ষতিপূৰণৰ দাবীত যোৱা ২৪ জুলাইত অইল ইণ্ডিয়াৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল। উক্ত দিনা ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা তিনিচুকীয়াৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰাৰ উপৰি ৰাবাৰ বুলেট নিক্ষেপন কৰাৰ ফলত কেইবাজন লোক আহত হোৱাৰ উপৰি  তিনি বিক্ষোভকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাৰ উচিৎ তদন্ত, ক্ষতিগ্ৰস্তলৈ ক্ষতিপূৰণ আৰু জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ দাবীত মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনে যোৱা ২৬ জুলাই তাৰিখে ২৪ ঘণ্টীয়া তেল বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে তিনিচুকীয়া জিলা প্ৰশাসনে টি এম জে ৬/২০১৭/৩৮০-৩৮১, তাং ২৯ জুলাই, ২০২১ নং পত্ৰ যোগে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি আৰু সম্পাদকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। উক্ত জাননীত অইল ইণ্ডিয়া লিমিটেডৰ ২৯ জুলাই, ২০২১ তাৰিখৰ এক পত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে মৰাণ জনগোষ্ঠীয় কেউটা সংগঠনৰ নেতৃত্বত যোৱা ২৬ জুলাইৰ পুৱা ৫ বজাৰ পৰা ২৭ জুলাইৰ পুৱা ৫ বজালৈকে ২৪ ঘণ্টীয়া তেল অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণৰ ফলত অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সৰ্বমুঠ ৩ কোটি ২৭ লাখ ৬৩ হাজাৰ ৯৯৮ টকাৰ ক্ষতি হৈছে। উক্ত হিচাপত ৭২৫ মেট্ৰিক টন খাৰুৱা তেলৰ বিপৰীতে মুঠ ৰাজহ ২,৯৯,৬৩,৯৯৮.০০ টকা আৰু ৫৬০,০০০ এছ চি এম প্ৰাকৃতিক গেছৰ বিপৰীতে ২৮,০০,০০০.০০ টকাৰ ক্ষতি হৈছে। কোৱা হৈছে যে ৰাজহুৱা সম্পত্তিৰ নষ্ট প্ৰতিৰোধ আইন, ১৯৮৪ অনুসৰি অইল বন্ধৰ কাৰ্যসূচীৰ ফলত অইল ইণ্ডিয়া ক্ষতিগ্ৰস্থ হৈছে। বন্ধ, অৱৰোধ আদি অসংবিধানিক বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিট পিটিচন (চি)- ৭৫৭০/২০১৩ ৰ উদ্ধতিৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কোৱা হৈছে। যাৰ বাবে মৰাণ জনগোষ্ঠীৰ ৬ সংগঠনৰ প্ৰত্যেকেই মুঠ ক্ষতিৰ এক ষষ্ঠাংশ অৰ্থাৎ ৫৪,৬০,৬৬৭.০০ টকাকৈ জৰিমনা ভৰিব লাগিব। তেওঁলোকৰ ওপৰত কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তাৰ ব্যাখ্যা আগবঢ়াই আত্ম পক্ষ সনৰ্থনৰ বাবে ৩ দিনৰ সময় সীমাও বান্ধি দিছিল। উক্ত কাৰণ দৰ্শোৱা জাননীৰ প্ৰত্যুত্তৰত সংগঠনকেইটাই যুক্তি আগবঢ়াই কয় যে তেওঁলোকে অইলৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধেহে আন্দোলন কৰি আহিছে। এনে আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰত্যক্ষৰূপত অইলৰ ন্যূনতম সম্পত্তিও নষ্ট হোৱা নাই। দেশৰ স্বাধীনতা আন্দোলনৰ আদৰ্শৰ দ্বাৰা পৰিচালিত এই আন্দোলন সাৰ্বজনীনভাৱে স্বীকৃত। যোৱা ২৪ জুলাই তাৰিখে বাঘজানৰ ক্ষতিগ্ৰস্তই প্ৰাপ্য ক্ষতিপূৰণৰ দাবীত গ্ৰহণ কৰা গণতান্ত্ৰিক আন্দোলনক মষিমুৰ কৰিবলৈ অইল, জিলা প্ৰশসন আৰু আৰক্ষীয়ে আন্দোলন দমনৰ নামত হিংসাত্মক পন্থা গ্ৰহণ কৰাৰ প্ৰতিবাদ আৰু সংগঠনকেইটাৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত অইল ইণ্ডিয়াই কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতিবাদতহে ২৬ জুলাই তাৰিখে জিলাখনত ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। গতিকে দেশৰ আইনী ব্যৱস্থাই স্বীকৃতি দিয়া এনে গণতান্ত্ৰিক আন্দোলনৰ ওপৰত জিলা প্ৰশাসনে প্ৰদান কৰা কাৰণ দৰ্শোৱাৰ জাননী (শ্ব'কজ) কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। বৰঞ্চ ই ভূমিপুত্ৰসকলৰ ঐতিহাসিক সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিতকৰণৰ ক্ষেত্ৰত পৰিপন্থী পদক্ষেপ হিচাপেহে চিহ্নিত হৈছে। সংগঠনকেইটাই অভিযোগ তোলে যে অইলে প্ৰাকৃতিক সম্পদ উদ্ঘাটনৰ গইনা লৈ মৰাণসকলৰ ঐতিহাসিক কৃষিভূমিৰ ব্যাপক সংকোচন ঘটাইছে। তদ্ৰুপ প্ৰাকৃতিক পৰিৱেশ আৰু বন্যভূমিৰ ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। অইলৰ আগ্ৰাসন, কেঁ‌কুৰা চেপাত মৰাণ সমাজ জৰ্জৰিত আৰু নিঃস্ব হৈ পৰিছে। এনে ক্ষেত্ৰত মৰাণসকলে বৰঞ্চ অইলৰ পৰা বহু হাজাৰ কোটিৰ ক্ষতিপূৰণ দাবী কৰাৰহে থল আছে। ঐতিহাসিক পিতৃভূমি ৰক্ষা আৰু অধিকাৰ প্ৰতিষ্ঠাৰ হেতু কৰা আন্দোলনৰ ওপৰত অমূলক আৰু আক্ৰোশমূলক অভিযোগ মানৱীয় প্ৰমূল্যৰ ওপৰত ভয়ংকৰ ভাবুকি বুলিহে সংগঠনকেইটাই অনুভৱ কৰে। তেওঁলোকৰ মতে অইলৰ বিৰুদ্ধে  গণতান্ত্ৰিক আন্দোলন আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত। বিপৰীতে অইল ইণ্ডিয়াই প্ৰদূষণ নিয়ন্ত্ৰণ আইন, বনভূমি নিয়ন্ত্ৰণ আইন আদি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত  অধিকভাৱে উলংঘন কৰি বহু হাজাৰ কৌটি টকাৰ ধাৰুৱা হৈছে। ইফালে সংগঠন কেইটাৰ এই প্ৰত্যুত্তৰৰ ওপৰত আলোচনা কৰিবলৈ যোৱা ৩ আগষ্ট তাৰিখে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা প্ৰশাসন, অইল আৰু সংগঠনকেইটাৰ মাজত এক ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰিছিল। উপায়ুক্ত নৰসিংহ পাৱাৰৰ সঞ্চালনাত অনুষ্ঠিত উক্ত বৈঠকত বিষয়বস্তুৰ ওপৰত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰাৰ পৰিৱৰ্তে সংগঠনকেইটাক প্ৰকাৰন্তৰে অপমানিতহে কৰাৰ অভিযোগ তুলিছে সংগঠনকেইটাই। সংগঠনকেইটাই প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিৰ অভিযোগ মতে অইল ইণ্ডিয়াৰ প্ৰতিনিধি (মুখ্য আৱাসিক)কো কোনোধৰণৰ মন্তব্য প্ৰকাশৰ সুযোগ নিদি ৰহস্যজনকভাৱে পুতলাৰ দৰে ব্যৱহাৰ কৰে। ভাৰতীয় সংবিধানৰ সমতাৰ কথা কৈ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ জন্মস্বত্ব অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰমূলক মন্তব্য প্ৰদান কৰা উপায়ুক্তগৰাকীৰ ইতিকিংসূচক আচৰণৰ বিপৰীতে সংগঠনকেইটাৰ প্ৰশ্নসমূহৰ সদুত্তৰ দিব নোৱাৰি লজ্জিত হোৱা উপায়ুক্তই অইলৰ মুখ্য আৱাসিক বিষয়াক গ্ৰেপ্তাৰ কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰি অপমানিত আৰু হেয় প্ৰতিপন্ন কৰে। সংগঠনকেইটাই বিভিন্ন উন্নয়নমূলক বিষয়ৱস্তুৰ ওপৰত বক্তব্য দাঙি ধৰাৰ সময়তে সদুত্তৰ দিবলৈ অপাৰগ হৈ তাৎপৰ্যপূৰ্ণভাৱে সঞ্চালকৰ আসনৰ পৰা উঠি উপায়ুক্তগৰাকীয়ে সভাকক্ষ ত্যাগ কৰে। জিলাপ্ৰশাসনৰ মুৰব্বী গৰাকীৰ তেনে উদ্ভুৎ আচৰণত সংগঠনকেইটাই আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে সভাখনৰ কোনো গ্ৰহণযোগ্যতা নাই বুলি বিবৃত্তিত প্ৰকাশ কৰিছে। অসমৰ বায়ু-পানীৰ ওপৰত সম্যক নথকা জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীৰ এনে আচৰণে অদূৰ ভৱিষ্যতে জিলাখনৰ শান্তি-শৃংখলাত যে ব্যাঘাত নজন্মাব তাক নুই কৰিব নোৱাৰি বুলিও বিবৃত্তিত উল্লেখ কৰিছে। বিবৃত্তিৰ শেষত কোৱা হৈছে যে অইল ইণ্ডিয়া আৰু জিলা প্ৰশাসনে জনগোষ্ঠীটোৰ সামগ্ৰিক সমস্যাসমূহৰ গুৰুত্ব বুজি সমাধানৰ পদক্ষেপ গ্ৰহণ কৰক। অন্যথা আগন্তুক দিনত পুনৰ জিলাখনত সৰ্বাত্মক অইল বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে।

No comments