Breaking News

অসমৰ বিজেপি চৰকাৰে মুকলি কৰা 'সেৱাই পঞ্চায়ত' শীর্ষক নাগৰিক চনদ সম্পৰ্কত কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া


অসমৰ বিজেপি চৰকাৰে মুকলি কৰা 'সেৱাই পঞ্চায়ত' শীর্ষক নাগৰিক চনদ সম্পৰ্কত কংগ্ৰেছ দলে এক প্ৰেছ বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এনেদৰে-

জনতাৰ কৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ বিজেপি চৰকাৰে এইবাৰ চকু দিছে গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত। কিন্তু চৰকাৰে আজি চোৱা নাই মূল্যবৃদ্ধিয়ে কোঙা কৰি অনা গাঁওৰ খেতিয়কৰ অবস্থা কি হৈ গৈ আছে। আজি কৃষিজাত সামগ্ৰীৰ উচিত মূল্য খেতিয়কে পোৱা নাই, খেতিয়কে বজাৰ পোৱা নাই। ইয়াৰ লগতে চৰকাৰে খেতিয়কলৈ সাৰ যোগানৰ যোগেদি নকল সাৰ যোগান ধৰি কৃষকক ঠগাইছে। ইয়াৰ উপৰিও লক ডাউনত বিধ্বস্ত জনতাই সকলো বস্তুতে কৰ দি থকাৰ পাছতো এইবাৰ গাঁও পঞ্চায়তক কেনেকৈ দিব পাৰিব মাচুল। 


         ব্যৱসায় বাণিজ্যৰ পৰা বাসগৃহ নিৰ্মাণ কৰিলেও গ্ৰামাঞ্চলৰ জনতাই দিব লাগিব পঞ্চায়তক মাচুল।  চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে যদিও এয়া গ্ৰামাঞ্চলৰ নাগৰিকক সুশাসন আৰু সুসেৱা দিয়াৰ লক্ষ্যৰে এই চনদ প্ৰস্তুত কৰিছে বুলি কৈছে, তথাপি আমাৰ প্ৰশ্ন হৈছে, মাচুল নলোৱাকৈ গ্ৰামাঞ্চলৰ সাধাৰণ  নাগৰিকক এই চৰকাৰে সুশাসন আৰু সুসেৱা দিবলৈ সক্ষম নহয় নেকি? বৰ্তমান সময়ত অসমৰ গ্ৰাম্য অৰ্থনীতিৰ অবস্থা কি স্তৰত আছে, সেই সম্পৰ্কে মন্ত্ৰীৰ লগতে চৰকাৰী পক্ষই খবৰ ৰাখিছেনে? বিমুদ্রাকৰণৰ পাছত এতিয়া কৰোণা মহামাৰীৰ বাবে লকডাউনৰ কবলত ভাগি পৰা দেশৰ অৰ্থনীতি সকলোৱে দেখিছে, সেয়ে চৰকাৰে ধনৰ প্ৰয়োজন পূৰাবলৈ এইদৰে গঞা জনতাৰ ওপৰতো কৰ জাপি দিব বিচাৰিলে নেকি? 


'সেৱাই পঞ্চায়ত' শীৰ্ষক নাগৰিক চনদ মুকলি কৰি মন্ত্ৰী ৰঞ্জিত দাসে গাঁও অঞ্চলত বসবাস কৰা লোকসকলেও বাসগৃহ নিৰ্মাণ কৰিলে পঞ্চায়তৰ অনুমতি লব লাগিব বুলি কৰা ঘোষণাই সমগ্ৰ অসমৰ গাঁওবাসীলোকক অসন্তুষ্ট কৰি তুলিছে। কিয়নো পঞ্চায়তৰ অনুমতি লোৱা মানেই গাওঁবাসীয়ে ঘৰ নিৰ্মাণৰ বাবদ কৰ ভৰিব লগাটো নিশ্চিত হৈ পৰিল।এনে অৱস্থাত গাঁৱত বাস কৰা সৰ্বসাধাৰণ লোক আন এক চৰকাৰী ৰঙা ফিটাৰ মেৰ পেচত সোমাই পৰিল । প্ৰশ্ন হয়, অধিক হাৰত বৃদ্ধি কৰা মাটিৰ খাজনা দিবলৈকে অপাৰগ হোৱা জন সাধাৰনে কেনেকৈ চৰকাৰৰ নতুন চনদৰ দ্বাৰা আৰোপিত নতুন নতুন কৰৰ বোজা বহন কৰিব পাৰিব? ইয়াৰোপৰি নতুন চনদৰ দ্বাৰা কৰ আৰোপৰ দ্বাৰা এচাম মধ্যভোগীৰ সৃষ্টি নহব নে, আৰু ইয়াৰ ফলত ভূক্তভোগী নহব নে সৰ্বসাধাৰণ জনতা। বিজেপি চৰকাৰে নতুন নতুন আঁচনি গ্ৰহণ কৰি হিতাধিকাৰীৰ সৃষ্টি কৰি এতিয়া মধ্যবিত্ত গাঁওবাসীৰ ওপৰত কৰৰ বোজা জাপি দিব বিচৰা কার্যৰ আমি বিৰোধীতা কৰিছো। কিয়নো এনে  অৱস্থাত সাধাৰন এখন সৰু দোকান খুলি জীৱন নিৰ্বাহ কৰিবলৈ বিচৰা সকলে বা ঘৰ সাজি বাস কৰিব বিচৰা লোকে পঞ্চায়তক কৰ পৰিশোধ কৰি কেনেদৰে আগুৱাই যাব। সেয়ে এতিয়াও চৰকাৰী আচঁনিৰ ওপৰত নিৰ্ভৰ কৰা জনতাক এনে মাচুল আদায় দিবলৈ বাধ্য কৰা চনদৰ আমি তীব্ৰ বিৰোধীতা কৰো।

No comments