Breaking News

নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত


গোলাঘাট:
নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটা আৰু গোলাঘাট জিলাৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মাজত  এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।  যোৱা ২ আগষ্টত নেটাৰ গোলাঘাটস্থিত মুখ্য কাৰ্যালয়ত নেটাৰ অধ্যক্ষ সুনীল জালান আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি ৰ জৰিয়তে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে নেটাৰ সহযোগত প্ৰৱৰ্তন কৰা এবছৰীয়া টি প্লানটেচন মেনেজমেন্ট পাঠ্যক্ৰম অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত পাঠ্যক্ৰমৰ বাবে যাৱতীয় শিক্ষা তথা প্ৰশিক্ষণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বাণিজ্য মহাবিদ্যালয়ে। 

আনহাতে  চাহ বাগিচা আৰু কলঘৰসমূহত শিক্ষাৰ্থী সকলে গৈ ব্যৱহাৰিক প্ৰশিক্ষণ লোৱা আৰু লগতে নেটাৰ সদস্যভুক্ত বাগিচা সমূহত  দুমাহৰ ইণ্টাৰ্ণশ্বিপ আগবঢ়োৱা আদি দিশসমূহৰ দায়িত্ব বহন কৰিব নেটাই । প্ৰশিক্ষাৰ্থী সকলে সফলতাৰে পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াব নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনে। উল্লেখ্য যে নেটা আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মাজত হোৱা এই বুজাবুজিৰ চুক্তিৰ ম্যাদ তিনি বছৰ। 

চুক্তি স্বাক্ষৰ অনুষ্ঠানত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ড০ উৎপল শৰ্মা, অধ্যাপক ৰাজেশ জয়ছোৱাল, সমন্বয়ক ৰঞ্জিত মজুমদাৰ উপস্থিত থাকে। আনহাতে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ হৈ উপস্থিত থাকে অধ্যক্ষ সুনীল জালান,  উপদেষ্টা বিদ্যানন্দ বৰকাকতি,  প্ৰাক্তন অধ্যক্ষ ক্ৰমে মনোজ জালান আৰু নেপুল শইকীয়া,  জ'ন চেয়াৰমেন বিনোদ আগৰৱালা, কাৰ্যবাহী সদস্য সুধীৰ কুমাৰ ৰয় আৰু সচিব মনীষা শৰ্মা।বুজাবুজিৰ চুক্তি সম্পাদন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নেটাৰ অধ্যক্ষ সুনীল জালানে। 

অনুষ্ঠানত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই মহাবিদ্যালয় খনে শৈক্ষিক দিশৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ব্যাখ্যা দাঙি ধৰাৰ লগতে অনাগত দিনবোৰত নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ সহযোগত উদ্ভাৱন, গৱেষণা আদিৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িব পাৰিব বুলি আশা ব্যক্ত কৰে। উক্ত অনুষ্ঠানতে নেটাৰ প্ৰাক্তন অধ্যক্ষ মনোজ জালানে  বিগত ২০১৬ চনতে আৰম্ভ কৰা প্লানটেচন মেনেজমেন্ট পাঠ্যক্ৰম আৰু ইয়াৰ লক্ষ্য তথা উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে যোৱা চাৰিটা বছৰত এই পাঠ্যক্ৰম সফলতাৰে সম্পন্ন হোৱাৰ বাবে সন্তুষ্টি ব্যক্ত কৰে আৰু এই ক্ষেত্ৰত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে আগবঢ়োৱা সহযোগিতাৰ শলাগ লয়।  

অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় নেটাৰ প্ৰাক্তন অধ্যক্ষ নেপুল শইকীয়াই।

No comments