Breaking News

নতুন ইতিহাস ৰচিলে বক্সিং ৰাণী লাভলীনাই



মাধুৰ্য কোঁৱৰ,বৰপথাৰঃ পৰাজয় নহয় অসমৰ বাবে সূচনা কৰিলে বিশ্ব ইতিহাসৰ এক নতুন অধ্যায়। অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰীড়াৰ মহাৰন অলিম্পিকলৈ গৈ মাত্ৰ ২৩ বছৰ বয়সতেই আজুৰি আনিলে ব্ৰঞ্জৰ পদক। লাভলীনাৰ সফলতাত সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীও উৎফুল্লিত হৈ পৰিছে। আজি পুৱা অনুষ্ঠিত টকিঅ' অলিম্পিকৰ বক্সিং খেলখনত তুৰ্কী খেলুৱৈ বাচেনাজ চুৰমেনেলীৰ হাতত পৰাজয় স্বীকাৰ  কৰিব লগা হ'ল যদিও ভাৰতলৈ ব্ৰঞ্জৰ পদক আনি  নতুন ইতিহাসৰ ৰচনা কৰিলে। 

পুৱাৰে পৰা গৃহভূমি বৰপথাৰত এক উৎসব মুখৰ পৰিৱেশত শ শ অনুৰাগীয়ে লাভলীনাৰ খেল চাবলৈ অপেক্ষাৰে ৰৈ আছিল। ঢোল তাল বজাই, বিহু নাচি লাভলীনাৰ সফল কামনা কৰিছিল । আজিৰ ব্ৰঞ্জৰ পদক লাভেৰে ভাৰতৰ পদক তালিকাত আৰু এটি পদকৰ সংখ্যা বৃদ্ধি কৰিলে। লাভলীনাৰ সফলতাত  অসমবাসী এতিয়া গৌৰাৱান্বিত। কিয়নো অসমৰ ইতিহাসত অলিম্পিকলৈ গৈয়েই পদক আনিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে সোণালী আখৰেৰে খোদিত হৈ ৰব লাভলীনা বৰগোহাইৰ নাম।

লগতে পৰবৰ্তী অলিম্পিকত যাতে সোনৰ পদক আনিবলৈ সক্ষম হ'ব তাৰো আশা কৰিছে ভাৰতবাসীয়ে। গাঁৱৰ বোকা পানী গছকি কোনোধৰণৰ ক্ৰীড়াৰ আন্তগাথনি নথকা এদোখৰ ঠাইৰ পৰা বিশ্ব অলিম্পিকত ব্ৰঞ্জৰ পদক লাভে বুজাই দিলে মুলাগাভৰু ,কনকলতা দেশৰ নাৰীৰ শক্তি কিমান।

No comments