Breaking News

গোলাঘাটৰ সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ নিলম্বন



ডিজিটেল ডেস্কঃ গোলাঘাটৰ চন্দন নগৰৰ ১১ নং ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী মিমণি গোস্বামীৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ নিলম্বন (Suspended) কৰা হৈছে । তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰে । ক'ভিডকালীন পৰিস্থিতিত যাতে ৰাইজ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দোকানখনৰ গ্ৰাহকসকলক ১০ নং ৱাৰ্ডৰ দুলাল শৰ্মাৰ সুলভ মূল্যৰ দোকানৰ সৈতে সংলগ্ন কৰা হৈছে । ৰেচন কাৰ্ড থকা কেইবাজনো লোকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে চলোৱা এটা অভিযানত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অনিয়ম পোহৰলৈ আহে । ব্যৱসায়ীগৰাকীয়ে এজন গ্ৰাহকৰ বিপৰীতে লাভ কৰিবলগীয়া সামগ্ৰীৰ পৰিমানকে ধৰি মূল্য সূচী আৰু মজুতকৰণৰ পৰিমাণ আদি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰাকৈয়ে ব্যৱসায় চলাই আছিল । লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যান অন্ন যোজনাৰ চাউল মজুতকৰণৰ কোনো পঞ্জীয়ন বহীও তেওঁ অভিযানকাৰী দলটোক দেখুৱাব পৰা নাছিল । তদুপৰি কেৰাচিন তেলৰ যোগানৰ কোনো নথিও তেওঁ ৰখা নাছিল । ব্যৱসায়ী গৰাকীয়ে অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত গ্ৰাহকে পাবলগীয়া ৩৫ কিলোগ্ৰাম চাউলৰ বিপৰীতে ৩২ কিলোগ্ৰামহে প্ৰদান কৰিছিল। অন্য শিতানত তেওঁ গ্ৰাহকে পাবলগীয়া চাউলৰ একৰ পৰা ২ কিলোগ্ৰাম চাউল কৰ্তন কৰি ৰাখিছিল । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যান অন্ন যোজনাৰ চাউলৰ ক্ষেত্ৰতো তেওঁ বহু হিতাধিকাৰীক বঞ্চিত কৰিছিল । অভিযানকাৰী দলটোৱে ব্যৱসায়ীগৰাকীৰ পৰা ৪৬ খন ৰেচন কাৰ্ড জব্দ কৰে । দলটোৱে প্ৰতিখন কাৰ্ডৰ নামতেই সামগ্ৰী হৰলুকী কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ প্ৰমাণ লাভ কৰে। তেওঁ নীতিবহিৰ্ভূত ভাৱে এই কাৰ্ডসমূহ নিজৰ ওচৰত ৰাখিছিল।

No comments