Breaking News

জম্বিৰ আতংক (চতুৰ্থ খণ্ড)


 

"দুৰৰপৰা জম্বি কেইটামানক তীব্ৰ বেগত আহি থকা দেখি দৌৰি উঠিবলৈ চেষ্টা কৰাৰ সময়ত জেনৰ ভৰি এখন বেয়াকৈ গাড়ীৰ দৰজাত চেপা খায়। অতি কষ্টেৰে জেনে ভৰিখন ভিতৰলৈ নিবলৈ চেষ্টা কৰি থকাৰ সময়তে এটা জম্বিয়ে....."

মালবিকা শৰ্মা, ভুবনেশ্বৰ

        লাহে লাহে জম্বিবোৰ চহৰৰ চাৰিওপিনে বিয়পি পৰিছে। পুলিচে পাৰেমানে চেষ্টা চলাইছে যদিও এই সমস্যা সমাধান কৰিব নোৱাৰি বিমোৰত পৰিছে। প্ৰাণৰ ভয়ত বিকল জন-সাধাৰনে খুৱ বেছি দৰকাৰ নহ’লে ঘৰৰপৰা নোলোৱাই হৈছে।

      ৰবাৰ্ট আৰু জেন নামৰ পতি-পত্নী হালে ঘৰৰ ভিতৰত পুতেক দুটাৰ সৈতে লগ লাগি আন এখন চহৰলৈ পলাই যাবলৈ যোজনা কৰিছে। ভৱামতেই চাৰিওজনে খাদ্য, পানী, দৰৱ-পাতিৰ লগতে আন সকলো দৰকাৰি বস্তুৰে ব্যক্তিগত গাড়ীখন সাজু কৰি লৈ কাষৰ চহৰখনলৈ ঢাপলি মেলিছে। বেছ কিছুদুৰ কোনো অসুবিধা নোহোৱাকৈ গৈ আছে, কাষৰ চহৰখন পাবলৈও বেছি দেৰী নাই। এনেতে কিবা এটা বস্তুৰ লগত জোৰে খুন্দা খাই গাড়ীখন মাজ বাটত ৰৈ গ’ল। গাড়ীৰ ভিতৰৰপৰা জুমি চাই সিহতে দেখিলে ৰাস্তাৰ মাজত মটৰ চাইকেল এখন পৰি আছে আৰু ৰাস্তাৰ কাষত ল’ৰা এজন ৰক্তাক্ত দেহেৰে পৰি চিঞৰি আছে। কি কৰো নকৰো বুলি চিন্তা কৰি আত্মৰক্ষাৰ বাবে হাতত বন্দুক এটা লৈ ৰবাৰ্ট গাড়ীৰপৰা ওলাই ল’ৰাজনৰ কাষ পালে। বৰ বেয়াকৈ জখম হৈছে সি। ৰবাৰ্টে তাক দাঙি আনি গাড়ীৰ কাষত লৈ অহা দেখি জেনে বেটাডিনৰ বটল আৰু তুলা লৈ ওলাই আহি ল’ৰাজনৰ প্ৰাথমিক চিকিৎসা সম্পন্ন কৰে। দুয়ো তাক ধৰি গাড়ীৰ ভিতৰত বহাই দি নিজেও উঠে মানে দুৰৰপৰা জম্বি কেইটামানক তীব্ৰ বেগত আহি থকা দেখি দৌৰি উঠিবলৈ চেষ্টা কৰাৰ সময়ত জেনৰ ভৰি এখন বেয়াকৈ গাড়ীৰ দৰজাত চেপা খায়। অতি কষ্টেৰে জেনে ভৰিখন ভিতৰলৈ নিবলৈ চেষ্টা কৰি থকাৰ সময়তে এটা জম্বিয়ে আহি ভৰিখনত কামুৰি ধৰাত ৰবাৰ্টে জম্বিটোৰ মুৰলৈ লক্ষ্য কৰি দুটা গুলি মাৰে আৰু পুতেক দুটাই মাকক চোচোৰাই ভিতৰলৈ আনি দৰজাখন বন্ধ কৰি দিয়ে। লগেলগে ৰবাৰ্টে গাড়ী তীব্ৰগতিত চলোৱা আৰম্ভ কৰে আৰু দুটামান জম্বিয়ে আগভেটা দিয়া দেখি সিহতৰ ওপৰেৰে গাড়ী চলাই লৈ যায়।

        লাহে লাহে জেনৰ ভৰিখন ফুলি আহিছে আৰু যন্ত্ৰনাও সাংঘাটিকভাৱে বৃদ্ধি পাইছে। বিষ কমাবলৈ খোৱা দৰৱো একো কাম নকৰা হৈছে। দেহৰ ভিতৰত এক ধৰনৰ আচৰিত পৰিবৰ্তন অনুভৱ কৰিছে তাই। জম্বিয়ে কামোৰাৰ পিছত যে আৰু বাচি থকাৰ উপায় নাই এই কথা সকলোৱে ভালদৰেই জানে। কাষৰ চহৰখনৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে খুৱ বিকৃতভাৱে চিঞৰি কান্দি উঠি জেনে গিৰিয়কক অনুৰোধ কৰে জম্বিলৈ ৰূপান্তৰিত হোৱাৰ আগতেই তাইক গুলি মাৰি হত্যা কৰিবলৈ। তাইৰ কথা শুনি গিৰিয়েক আৰু পুতেক দুটাই কান্দি উঠে যদিও ইয়াৰ বাহিৰে আন উপায় নাই দেখি ৰবাৰ্টে মুৰত গুলি মাৰি জেনক মাৰি পেলাবলগীয়া হয়।

(আগলৈ)


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –

https://www.facebook.com/malabika123

No comments