Breaking News

এতিয়া গ্ৰামাঞ্চলতো সহজ নহ’ব গৃহ নিৰ্মাণৰ


ৰাজ্য চৰকাৰে নিজৰ ৰাজহ বৃদ্ধিৰ বাবদ এইবাৰ টাৰ্গেট কৰিলে নেকি গ্ৰামোঞ্চলত বাসকৰা আৱাসীসকলক। এতিয়া গ্ৰামাঞ্চলতো সহজ নহ’ব গৃহ নিৰ্মাণৰ। ৰাজ্য চৰকাৰে গাঁৱত গৃহ নিৰ্মাণৰ বাবে গ্ৰহণ কৰিছে নতুন নিয়ম।  

গৃহ নিৰ্মাণৰ বাবে অনুমতি ল'ব লাগিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৷ এতিয়াৰ পৰা বিনামূলীয়া নহয় গাঁও অঞ্চলত গৃহ নিৰ্মাণ ৷ কিয়নো গ্ৰামোঞ্চলত গৃহ নিৰ্মাণৰ বাবে অনুমতি ল'ব লাগিব নিৰ্দিষ্ট পঞ্চায়তৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংযোজিত নতুন কৰক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ কিয়নো ৷ পঞ্চায়তে নিৰ্দিষ্ট মাচুলৰ ভিত্তিত প্ৰদান কৰা অনুমতিৰ বাবদহে গৃহ নিৰ্মাণ কৰিব পাৰিব  গৰাকীয়ে ৷ 


কিন্তু কেনে গৃহ নিৰ্মাণত কিমান মাচুল দিব লাগিব সেই সন্দৰ্ভত উল্লেখ নাই ৰাজ্য চৰকাৰে মঙলবাৰে প্ৰকাশ কৰা গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদত ৷ 

কেৱল গৃহ নিৰ্মাণেই নহয় , ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যৱসায়ীৰ বাবেও ল’ব লাগিব অনুমতি পত্ৰ ৷ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ  NOC প্ৰদান কৰিব গাঁও পঞ্চায়তে, যাৰ বাবে পঞ্চায়তে নিৰ্ধাৰণ কৰা মাচুল আদায় দিব লাগিব গৰাকীয়ে৷

No comments