Breaking News

দেৰগাঁৱৰ পৰা ডেৰমাহ পূৰ্বে চুৰি হোৱা বলেৰ' নাগালেণ্ডৰ পৰা উদ্ধাৰ



কুমুদ বৰা,দেৰগাঁওঃ ডেৰমাহ পূৰ্বে দেৰগাঁৱৰ পৰা চুৰি হোৱা এখন বলেৰ' পিক আপ ভান নাগালেণ্ড আৰক্ষীৰ সহযোগত দেওবাৰে দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, AS-01EC5670 নম্বৰৰ গাড়ী খন যোৱা ৩ জুলাইৰ নিশা দেৰগাঁৱৰ ৩ নং গেটৰ ৰাজেন গুপ্তা নামৰ ব্যক্তি জনৰ গৃহৰ পৰা চুৰি হৈছিল। 

এই ঘটনা সংক্ৰান্তত দেৰগাঁও আৰক্ষীয়ে যোৰহাটৰ ইন্দ্ৰ দাস নামৰ এটা গভাইত চোৰ দেৰগাঁৱৰ চকিয়াল গাঁৱত আত্মগোপন কৰি থকাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীৰ তদন্তৰ ভিত্তিত ধৃত চোৰটোৰ যোগেদি বলেৰ' পিক আপ ভান খন নাগালেণ্ডলৈ প্ৰেৰণৰ তথ্য লাভ কৰে। 

দেওবাৰে নাগালেণ্ড আৰক্ষীৰ সহযোগিতাত দেৰগাঁও থানাৰ পৰা যোৱা এটি আৰক্ষীৰ দলে নাগালেণ্ডৰ উষা জিলাৰ ভান্দাৰী থানাৰ অন্তৰ্গত বাগক্তি আৰক্ষী চকী এলেকাৰ পৰা চুৰি বলেৰ' পিক আপ ভান খন নিশা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়।

No comments