Breaking News

"ফেক" নিউজ আৰু উদ্দেশ্যপ্ৰণোদিত বাতৰি প্ৰচাৰ কৰা নিউজ ৱেব প'ৰ্টেলৰ বিৰুদ্ধে তথ্য আৰু জনসংযোগৰ গোচৰ

 


দিছপুৰ, আগষ্ট ৬: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকা আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক সাঙুৰি উদ্দেশ্যপ্ৰণোদিত আৰু মিছা তথ্যৰে বাতৰি পৰিবেশন কৰা The Cross Current নামৰ এটা নিউজ ৱেব প'ৰ্টেলৰ বিৰুদ্ধে তথ্য আৰু জনসংযোগৰ সঞ্চালকে আজি দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । 

শেহতীয়াকৈ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটোসংলগ্ন হৰ্ডিং লগোৱা বিষয়টো যুক্তিহীনভাৱে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী আৰু সঞ্চালকালয়ক সাঙুৰি ৱেব প'ৰ্টেলটোৱে বাতৰি পৰিবেশন কৰিছিল । আনহাতে যোৱা ৫ আগষ্টত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন হ'ৰ্ডিঙৰ ক্ষেত্ৰতো প'ৰ্টেলটোৱে অনাহকতে তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰীগৰাকীক সাঙুৰি "হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিবলৈ গৈ সকীয়নিৰ সন্মুখীন হ'ল নেকি পীযুষ হাজৰীকা" শীৰ্ষক এটি বাতৰি প্ৰচাৰ কৰিছিল । 

ৱেব প'ৰ্টেলটোৱে বাতৰিটোত দাবী কৰা অনুসৰি ওপৰৰ হ'ৰ্ডিঙসমূহ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই তেওঁৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগৰ জড়িয়তে মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবৰ বাবে প্ৰচাৰ কৰিছিল । কিন্তু, তথ্য আৰু জনসংযোগ সঞ্চালকে আৰক্ষী থানাত তৰা গোচৰ অনুসৰি ওপৰত উল্লিখিত হ'ৰ্ডিঙবোৰৰ সৈতে তথ্য আৰু জনসংযোগ বিভাগৰ কোনো সম্পৰ্ক নাই । এনে ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা বিভাগটোক উদ্দেশ্যপ্ৰণোদিত ভাৱে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এই বাতৰিটো প্ৰচাৰ কৰা বুলি বিভাগৰ ফালৰ পৰা আৰক্ষীক জনোৱা হৈছে ।


No comments