Breaking News

প্ৰত্যাহ্বানক নেওচি জীয়াই আছে সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণিল ইতিহাস


ডিজিটেল সংবাদ মাজুলীঃ বৰ্তমান বিশ্বায়নৰ যুগত অৰ্থনৈতিক ধামখুমীয়াত  ৫৫০ বছৰীয়া স্বৰ্ণিল ঐতিহ্যৰ প্ৰতি যেন চৰম প্ৰত্যাহ্বান আহিছে। ক্ৰমাৎ কমিবলৈ ধৰিছে উদাসীন পৰম্পৰা সত্ৰৰ বৈষ্ণৱৰ সংখ্যা। প্ৰত্যাহ্বানৰ মাজতো সগৌৰৱে জিলিকি আছে উদাসীন সত্ৰীয়া পৰম্পৰা। পৰিয়াল পৰিকল্পনা, যুৱপ্ৰজন্মৰ সত্ৰৰ প্ৰতি অনিহা, শিশু আনয়নত ভয়াবহ প্ৰত্যাহ্বান, আৰ্থিক দৈনতাই উদাসীন সত্ৰত বৈষ্ণৱৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ মাজতো একাংশ সাংস্কৃতিবান পৰিয়ালৰ মহানুভৱতাৰ বাবে জীয়াই আছে এই পৰম্পৰা। ২ বছৰৰ পৰা তিনিবছৰৰ কনমানি দেৱশিশু টি পিতৃ-মাতৃৰ বুকুৰ পৰা  মায়াৰ বান্ধোন ছিঙি উদাসীন বৈষ্ণৱ সকলে লালন -পালন কৰে। পিতৃ -মাতৃৰ দৰে আপদাল কৰে সংঞ্চাৰিত কৰে,সৎ মানুহৰ দিক দৰ্শন দিয়ে। সত্ৰীয়া নৃত্য গীত বাদ্য ভাওনাৰ শিক্ষা প্ৰদান কৰি একো একো সত্ৰীয়া শিল্পী গঢ়ি তোলে। উপাসনাৰ থলীত দুজনা গুৰুৰ অমৰ সৃষ্টি উপাসনৰ মাধ্যম হিচাপে সত্ৰীয়া শিক্ষা প্ৰদান কৰে।                              

এটি কনমানি মৰমলগা দেৱশিশু। বয়স মাত্ৰ ২ বছৰ পাৰ হৈছে । নাম অৰ্নৱ ডেকা , ঘৰ -গহপুৰত ,পিতৃ - মাতৃৰ কোলাৰ পৰা আহি উদাসীন বৈষ্ণৱৰ কোলাত উমলিছে দেৱশিশুটি। ভিডিঅ' গেম ,কাৰ্টুন, টি ভিৰ পৰিৱৰ্তে  মাটি আখৰা, সত্ৰীয়া নৃত্য ভাওনা আদি আখৰাত ব্যস্ত কৰি ৰাখিছে বৈষ্ণৱ সকলে। পিতৃ -মাতৃৰ অভাব অনুভৱ হ'বলৈ নিদিয়ে কাহানিও। মৰম স্নেহ আলপৌচানত পাহৰি পেলাই পিতৃ মাতৃৰ মৰম আৰু উপজা ঘৰখন। সচাকৈ এক ঐশ্বৰিক শক্তি অন্তৰ্নিহিত হৈ আছে গুৰু দুজনাৰ উদাসীন পৰম্পৰা জীৱন চৰ্চাত।এখন সুকীয়া পৃথিৱী, সুকীয়া ৰীতি নীতি, জীৱন শৈলী, মায়াৰ বান্ধোন, বৈষয়ীক সুখ ,কামনা বাসনা নাই, ইয়াত কেৱল কৃষ্ণস্ত ভগৱান স্বয়ম,কেৱল ঈশ্বৰ উপাসনা সংস্কৃতিৰ সাধনা। যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা দুৰৈত এই জীৱন চৰ্চা। এনেদৰে পাৰ হয় একো একো উদাসীন বৈষ্ণৱৰ জীৱন। ৰামধেনৰ ৰং নাই যদিও সুকীয়া মাদকতা আছে সুন্দৰৰ সাধনাৰ তৃপ্তি আছে।


                                 

মাহৰ পাছত বছৰ পাৰ হৈ এদিন যৌৱনপ্ৰাপ্ত হয়, যৌৱনৰ সহজাত চঞ্চলতাই জোকাৰি যায়, জটিল সময়ত নিজকে সমৰ্পন কৰি সংযমৰ ক্ষুৰৰ সাকো বগাব পাৰিলে একোজন পৰম বৈষ্ণৱ হৈ পৰে। যান্ত্ৰিকতাৰ বিশ্বায়নৰ পৃথিৱীত যেন এই পৰম্পৰা একাংশৰ বাবে হাঁহিয়তৰ, তথাপিও একাংশ বৈষ্ণৱে সমাজৰ বাবে জীৱন যৌৱন ত্যাগ কৰি সংস্কৃতিৰ বৰভড়ালটোৰ ৰখীয়া হৈ সত্ৰীয়া সংস্কৃতি বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হৈছে। যুগে যুগে গুৰু প্ৰদত্ত সংস্কৃতি জীয়াই থাকিব ,ইয়াক জীয়াই ৰাখিব একাংশই।

No comments