Breaking News

গোলাঘাটত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন



ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ সদৰত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবেলিও স্বাধীনতা দিৱসটি ক'ভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি আয়োজন কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে  বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত উপায়ুক্তগৰাকীয়ে কয় যে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিয়ে দিৱস উদযাপন স্থলীলৈ আহিব পাৰিব । সভাত জিলাখনৰ ৪ গৰাকী স্বাধীনতা সংগ্ৰামীক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ বাবেও সিদ্ধান্ত লোৱা হয় । লগতে স্বাধীনতা দিৱস উপলক্ষে অনলাইন ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । এইবেলিও ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ বাবে সিদ্ধান্ত লোৱা হয় । সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড নীৰজ কুমাৰ সিং আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

No comments