Breaking News

নিজৰ শিল্প সাধনা অব্যাহত ৰাখিছে গহপুৰৰ ৭০ উৰ্দ্ধৰ পৰমানন্দ মুদৈয়ে




ড০ কাজুৰি শৰ্মা,গহপুৰঃ সত্তৰ বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো নিজৰ শিল্প সাধনা অব্যাহত ৰাখিছে গহপুৰৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে। ক'ৰোনা কালৰ জটিল পৰিস্থিতিৰ মাজতো নিজৰ শিল্প সত্ত্বাক জীয়াই ৰাখিছে গহপুৰ বৰভেটিৰ পৰমানন্দ মুদৈ নামৰ শিল্পী গৰাকীয়ে।



প্ৰচাৰ বিমুখ এই গৰাকী শিল্পীৰ  হাতৰ পৰশত প্ৰাণ পাই উঠে কাঠ, বাঁহ, বেতৰ বিভিন্ন শিল্পই। বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ সাধনা অব্যাহত ৰখা পৰমানন্দ মুদৈয়ে শিক্ষকতা জীৱনৰ পৰাও ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। 



মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জাতিৰ পিতা মহাত্মা গান্ধী, ড০ ভূপেন হাজৰিকাকে ধৰি বিভিন্ন ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি পৰমানন্দ মুদৈয়ে দেখুৱাইছে নিজৰ শিল্প প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন।



ইয়াৰ উপৰিও পৰমানন্দ মুদৈয়ে বাঁহ বেতেৰে অসমীয়া সংস্কৃতিৰ পুৰনি কলীয়া লুপ্ত হৈ যাবলৈ ধৰা কিছু শিল্প নিৰ্মাণ কৰি সজতনে ৰাখিছে নিজৰ গৃহতে। বয়সে হাৰ মনাব নোৱাৰা গহপুৰৰ এইগৰাকী ভাস্কৰ্য শিল্পীয়ে নিজৰ শিল্প সাধনাৰ জৰিয়তে আৰ্থিক ভাৱেও লাভান্বিত হৈছে।

No comments