Breaking News

গোলাঘাটৰ সৰবৰহী মহিলা বীণাপাণি বৰঠাকুৰৰ দেহাৱসান

 


গোলাঘাটৰ বেতিয়নীৰ নিবাসী, প্ৰয়াত চন্দ্রকমল বৰঠাকুৰৰ সহধৰ্মিনী ধৰ্মপ্ৰাণা মহিলা বীণাপাণি বৰঠাকুৰৰ সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত নিজা বাসভৱনত দেহাৱসান ঘটে। বার্ধক্যজনিত কাৰণত ৭১ বছৰ বয়সত মৃত্যু হয় বৰঠাকুৰৰ। 

তেখেত বেতিয়নী অঞ্চলটোৰ ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠানৰ সৈতে জড়িত আছিল। এনে এগৰাকী ধৰ্মপ্ৰাণা, সৰবৰহী মহিলাৰ মৃত্যু অঞ্চলটোৰ বাবে এক বৃহৎ ক্ষতি। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। 

মৃত্যুৰ সময়ত তেখেতে এগৰাকী কন্যা, দুজন পুত্ৰ,বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়স্বজনক এৰি থৈ যায়। 

No comments