Breaking News

ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ;এক স্বৰ্ণাভ ব্যক্তিত্ব




পাপৰি শইকীয়া বৰা: অসমীয়া সমাজ জীৱনৰ এক বৰ্ণময় সত্তা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ।এইজন বিৰল প্ৰতিভাধৰ ব্যক্তিয়ে আজীৱন সমাজ সাহিত্য সংস্কৃতিৰ হকে অহোপুৰুষাৰ্থ কৰিছিল ।একেধাৰে  গল্পকাৰ ঔপন্যাসিক শিশু সাহিত্যিক  নাট্যকাৰ চলছিত্ৰ পৰিচালক  তথা   গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰা শইকীয়াদেৱ সকলোতে সফল আছিল  । কৰ্মযোগী এই ব্যতিক্ৰমী মানুহজনে তুলনাহীন অবদান আগবঢ়াই গৈছে সাহিত্যৰ সকলো বিভাগতে ।নিজস্ব শৈলীৰে অসমীয়া চুটিগল্পক সমৃদ্ধ কৰা শইকীয়াদেৱৰ গল্প সংকলনসমূহ হৈছে --- 'সেন্দুৰ ' বৃন্দাবন'  'এই বন্দৰৰ আবেলি ' শৃংখল' তৰঙ্গ ' আদি ।

অসমীয়া উপন্যাস সাহিত্যত অনবদ্য সংযোজন তেখেতৰ উপন্যাস --অন্তৰীপ  ৰম্যভূমি ।শিশু আৰু কিশোৰৰ বাবে প্ৰকাশ কৰা সঁফুৰা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে তেখেতে এক জোনাকী বাট কাটিছিল ।অনেক মনোমোহা শিশু কবিতা আৰু অন্যান্য ৰচনাৰে অসমীয়া শিশু সাহিত্যলৈ বৰ্ণময় অবদান আগবঢ়াইছিল । বহুকেইখন সফল অসমীয়া কথাছবি নিৰ্মাণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছিল ।

তেখেতৰ দ্বাৰা নিৰ্মিত তথা পৰিচালিত কথাছবি ---'সন্ধ্যাৰাগ'  'অনিৰ্বাণ' 'কোলাহল '  'অগ্নিস্নান'  'সাৰথি ' আদিয়ে 'ৰজতকমল' বটা লাভ কৰিছিল ।সেইদৰে এজন সফল নাট্যকাৰৰূপে প্ৰসিদ্ধ শইকীয়াদেৱৰ  বহুকেইখন নাটকে অনাঁতাৰ মাধ্যমৰপৰা ভ্ৰাম্যমান থিয়েটাৰলৈকে জনপ্ৰিয়তাৰ অভিলেখ ভংগ কৰিছিল । ভবেন্দ্ৰনাথ শইকীয়াৰ দৰে বিশাল ব্যক্তিত্বক সীমিত লেখনীৰ মাজেৰে সামৰি লোৱাটো দুৰূহ কাম ।এয়া এক বিনম্ৰ প্ৰয়াস মাথো ।

এই জন বিৰল ব্যক্তিয়ে ২০০৩  চনৰ ১৩ আগষ্টত জীৱন নাটৰ সামৰণি মাৰিছিল ।মৃত্যুদিনত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু কামনা কৰিছো এই অসাধাৰণ ব্যক্তিজনৰ চেতনালব্ধ প্ৰতিভা সময়ৰ পৰীক্ষাত  কোনোদিনেই ম্লান নপৰক ।




No comments