Breaking News

গোলাঘাট জিলাত ১৪৪ ধাৰা জাৰি



ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাত আইন-শৃংখলা অক্ষুন্ন ৰখাৰ লগতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তথা শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ কুলদ্বীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি যিকোনো ৰাজহুৱা স্থান অথবা কোৱাৰেন্টাইন কেন্দ্ৰৰ ১০০ মিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনতকৈ অধিক লোক সমবেত হোৱা, সমদল উলিওৱা, ৰাজহুৱা স্থানত সভা-সমিতি পতা আদি নিষিদ্ধ কৰা হৈছে। 

ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা, চৰকাৰী বাহিনীৰ বাহিৰে অন্য লোকৰ লাঠী বা অস্ত্ৰ লৈ প্ৰশিক্ষণ বা কুচকাৱাজ, ৰেলী উলিওৱা, ৰাজপথ বা অন্য ৰাজহুৱা স্থানত মানহানিকৰ বা অপমানসূচক শ্ল'গান দিয়া, আপত্তিজনক প'ষ্টাৰ, প্লে-কাৰ্ড, কাৰ্টুন, পুত্তলিকা, দেৱাল লিখন আদি প্ৰদৰ্শন আৰু প্ৰকাশ, আটচবাজীৰ ব্যৱহাৰ আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । 

লগতে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা,  দুচকীয়া বাহনৰ চালকে শিশু আৰু মহিলাৰ বাহিৰে অন্য লোকক উঠোৱা, বাহনত ক'লা গ্লাছ লগোৱা আদিও নিষিদ্ধ কৰা হৈছে । তদুপৰি অস্বাস্থ্যকৰ পৰিৱেশত মাছ, মাংস, শাক-পাচলি, ফলমূল বিক্ৰী কৰা, মুকলিকৈ মিঠাই বিক্ৰী কৰা, বাহনত ইন্ধন হিচাপে ৰন্ধন গেছৰ ব্যৱহাৰ, পলিথিনৰ মোনা, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ, গুটখা, ধপাত, পোহনীয়া জন্তুৰ খাদ্যৰ বাহিৰে অন্য কামত লালিগুড় ক্ৰয় বা বিক্ৰী, যিকোনো ধৰণৰ লটাৰী আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে সাপ্তাহিক বজাৰ, চলচ্চিত্ৰ গৃহ, থিয়েটাৰ আদি বন্ধ থাকিব। অৱশ্যে কৰ্তব্যৰত সেনা, চি আৰ পি এফ অথবা আৰক্ষীৰ লোকৰ ক্ষেত্ৰত এই নিৰ্দেশ কাৰ্যকৰী নহয় । নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

No comments