Breaking News

১৪ সংখ্যক ইউকা ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত গোলাঘাটৰ চিন্ময় চিয়ন শইকীয়াৰ স্বৰ্ণ পদ



ডিজিটেল সংবাদ, গোলাঘাটঃ যোৱা ২৩ আগষ্ট,২০২১ তাৰিখে বৰপেটাত অনুষ্ঠিত হোৱা সদৌ অমস ভিত্তিত ইউকা ষ্টেট (UKAA STATE) চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত গোলাঘাটৰ চিন্ময় চিয়ন শইকীয়াই দহ বছৰ অনুৰ্ধৰ ৩০কেজি চাব জুনিয়ৰ কেটেগৰীত সোনৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে প্ৰথমাৱস্থাত জিলাভিত্তিক কাৰাটে খেলত অংশগ্ৰহণ কৰি সোনৰ পদক অৰ্জন কৰাত সদৌ অসম ভিত্তিক ১৪ সংখ্যক ইউকা ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে। 



উক্ত প্ৰতিযোগিতাতো দহ বছৰ অনুৰ্ধৰ ৩০কেজি চাব জুনিয়ৰ কেটেগৰীত চিন্ময় চিয়নে সোনৰ পদক অৰ্জন কৰি প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত চিন্ময় চিয়নে যথোপযুক্ত প্ৰশিক্ষনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। প্ৰনিধানযোগ্য যে, চিন্ময় চিয়ন শইকীয়াই প্ৰশিক্ষক ধৰ্মেশ্ব তামুলী আৰু দেৱজিত বুঢ়াগোঁহাইৰ তত্বাৱধানত প্ৰশিক্ষন গ্ৰহণ কৰিছিল। চিন্ময় চিয়ন শইকীয়া গোলাঘাট জিলাৰ কমাৰবন্ধা অঞ্চলৰ ৰাইডঙ্গীয়া গাওঁৰ নিবাসী ৰূপম শইকীয়া আৰু মুনমি হাজৰিকা শইকীয়াৰ জেষ্ঠ পুত্ৰ।

No comments